NORTHEAST NOW (Assamese)

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

July 3, 2025 8:33 pm · এন ই নাও নিউজ, গুৱাহাটী

সমালোচকক যোগ্য প্ৰত্যত্তৰ দি ইংলেণ্ডৰ বিপক্ষে লীডছত অনুষ্ঠিত পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচতে গিলে এক দৰ্শনীয় শতক অৰ্জন কৰিছিল। অৱশ্যে এই মেচখনত পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰতীয় দল। লীডছ টেষ্টৰ পৰাজয়ে পিছে মনোবল হ্ৰাস কৰিব নোৱাৰিলে গিলৰ লগতে ভাৰতীয় দলৰ।

এতিয়া পুনৰ এডজবাষ্টন টেষ্টতো ভাৰতীয় দলে শক্তিশালী বেটিং প্ৰদৰ্শন দাঙি ধৰিছে। বিশেষকৈ অধিনায়ক গিলে পুনৰ এবাৰ ইংলেণ্ডৰ বলিং আক্ৰমণৰ সমুখত দৃঢ়তাৰে থিয় দি দলক এক শক্তিশালী স্থিতিত উপনীত কৰাইছে। ধৈৰ্যশীল বেটিঙেৰে গিলে এডজবাষ্টনত অৰ্জন কৰিছে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক। এই দৰ্শনীয় ইনিংছটোৰে শুভমন গিলে কেইবাটাও কৃতিত্ব অৰ্জন কৰিছে।

সমান্তৰালকৈ তেওঁ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ নামত থকা এক অভিলেখো ভংগ কৰিছে। এডজবাষ্টনত আজি দ্বিশতক অৰ্জন কৰাৰ লগে লগে শুভমন গিল ইংলেণ্ডত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় অধিনায়ক তথা কোনো এছিয়ান টেষ্ট দলৰ অধিনায়ক ৰূপে পৰিগণিত হয়।

ইংলেণ্ডত দ্বিশতক অৰ্জন কৰা কেৱল মাত্ৰ তৃতীয়জন ভাৰতীয় ৰূপেও পৰিগণিত হয় গিল। তেওঁৰ পূৰ্বে সুনীল গাভাস্কৰ আৰু ৰাহুল দ্ৰাবিড়েহে কেৱল এই কৃতিত্ব অৰ্জন কৰিছে। এতিয়া গিলে এই দুয়োগৰাকী প্ৰাক্তন তাৰকাক অতিক্ৰম কৰি ইংলেণ্ডত সৰ্বাধিক স্কৰৰ অভিলেখো নিজৰ নামৰ সন্নিৱিষ্ট কৰিছে। ইয়াৰ লগতে গিলে ২৫ বছৰ বয়সতে বিদেশী টেষ্ট শৃংখলাত ৩০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় অধিনায়কৰ কৃতিত্বও অৰ্জন কৰিছে।

ইফালে এডজবাষ্টনৰ খেলপথাৰত ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক স্কৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গিল। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কোহলীৰ নামত। কোহলীয়ে ২০১৮ চনত এডজবাষ্টনত ১৪৯ ৰানৰ ইনিংছ খেলিছিল। গিলৰ পূৰ্বে কোহলীয়েই আছিল এই খেলপথাৰত শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় অধিনায়ক।

Related News