প্ৰেমৰ টান! প্ৰেমিক আফ্ৰিকান বংশোদ্ভৱ ‘আধ্যাত্মিক গুৰু’ৰ বাবে সিংহাসন এৰিলে নৰৱেৰ ৰাজকুমাৰীয়ে

Princess Martha Louise of Norway gives up royal duties নৰৱেৰ ৰাজকুমাৰী মাৰ্থা লুইছ। আফ্ৰিকান বংশোদ্ভূত আমেৰিকান ডুৰেক ভেৰেট নামৰ তেওঁৰ প্ৰেমিকৰ বাবে ত্যাগ কৰিলে সিংহাসন। এতিয়া তেওঁ বাগদত্তাৰ সৈতে যৌথভাৱে বিকল্প ঔষধ ব্যৱসায়ত মনোনিৱেশ কৰিব। মাৰ্থাই মঙলবাৰে ৰাজপৰিয়ালক তেওঁৰ সিদ্ধান্ত জনাই দিয়ে।

মাৰ্থা লুইছৰ বয়স ৫১ বছৰ। বাগদত্তা ডুৰেক ভেৰেটৰ বয়স ৪৭ বছৰ। ডুৰেক এজন স্বঘোষিত ‘স্যামন’ (আধ্যাত্মিক গুৰু)। ডুৰেক হলিউডতো বহুত জনপ্ৰিয়। ডুৰেকৰ সৈতে মাৰ্থাৰ সম্পৰ্কৰ বাতৰিয়ে সমগ্ৰ নৰৱেত ব্যাপক তোলপাৰ লগাইছিল। ডুৰেকৰ আগৰ পাঁচ প্ৰজন্মও স্যামন আছিল।

ডুৰেকে বিভিন্ন ধৰণৰ মন্তব্য কৰি বাৰে বাৰে বিতৰ্কত লিপ্ত হৈছে। ডুৰেকে তেওঁৰ ‘স্পিৰিট হেকিং’ নামৰ কিতাপখনত দাবী কৰিছিল যে এজন মানুহে কৰ্কট ৰোগক নিজৰ ইচ্ছাত শৰীৰত বাহ সাজিবলৈ দিয়ে। তেতিয়াই ডুৰেক বিতৰ্কৰ সন্মুখীন হয়।

ডুৰেকৰ নিজা ৱেবছাইটও আছে। কৰোনা কালত তেওঁ সেই ৱেবছাইটৰ পৰা ২২২ডলাৰত ‘স্পিৰিট অপ্টিমাইজাৰ’ নামৰ এটা পাথৰ বিক্ৰী কৰিছিল,যাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ২৩ হাজাৰ টকা। ৱেবছাইটটোত তেওঁ দাবী কৰিছিল যে এই পাথৰটোৱে তেওঁক কৰোনাৰ পৰা আৰোগ্য হোৱাত সহায় কৰিছিল।

নৰৱেৰ ৰাজপৰিয়ালৰ জনপ্ৰিয়তা মাৰ্থা আৰু ডুৰেকৰ মাজৰ সম্পৰ্ক মুকলিকৈ প্ৰকাশ পোৱাৰ পিছত হ্ৰাস পাইছে। মঙলবাৰে ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ত মাৰ্থাই কয় যে তেওঁ “ৰাজপৰিয়াললৈ শান্তি আনিবলৈ”ৰাজপাট এৰিছে।

ৰাজকুমাৰী হোৱাৰ লগতে মাৰ্থা ৰাজপৰিয়ালৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ পদৰ দায়িত্বতো আছিল। তেওঁক সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। ৰাজপৰিয়ালে এক বিবৃতিত কয় যে ৰাজকুমাৰী মাৰ্থা আৰু ৰাজকীয় পৃষ্ঠপোষক হিচাপে নাথাকে। কোৱা হৈছে যে তেওঁ আৰু ৰাজপৰিয়ালক প্ৰতিনিধিত্ব নকৰে। কিন্তু ৰজাৰ ইচ্ছা অনুসৰি তেওঁ সদায় ৰাজকুমাৰী হৈ থাকিব।

যোৱা জুন মাহত আধ্যাত্মিক গুৰু ডুৰেকৰ সৈতে বাগদান হোৱাৰ পিছৰে পৰা দম্পতীহালৰ বৈকল্পিক ঔষধৰ ওপৰত বিশ্বাস সন্মুখলৈ আহিছে। বহুতো চিকিৎসকে মাৰ্থা আৰু ডুৰেকক বিকল্প ঔষধৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে ৰাজহুৱাভাৱে সমালোচনা কৰিছে।

ডুৰেকৰ বিষয়ে ক’বলৈ গৈ ৰজা হেৰল্ডে সাংবাদিকৰ আগত কয়, “বহুতো বিষয়ত ৰাজপৰিয়ালৰ সৈতে বহুতো পাৰ্থক্য আছে। অৱশ্যে আমি আমাৰ মতামত লৈয়ে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছো।”

ৰাজপৰিয়ালেও বৈকল্পিক ঔষধৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। এক বিবৃতিত ৰাজপৰিয়ালে কৈছিল যে নৰৱেৰ স্বাস্থ্য সেৱা আৰু চিকিৎসকসকলৰ ওপৰত ইয়াৰ সম্পূৰ্ণ বিশ্বাস আছে।

ইপিনে, মাৰ্থাই দাবী কৰে যে তেওঁ গৱেষণা-আধাৰিত চিকিৎসা বিজ্ঞানৰ গুৰুত্বৰ বিষয়ে অৱগত। কিন্তু বৈকল্পিক চিকিৎসা পদ্ধতিৰ ওপৰতো তেওঁৰ সম্পূৰ্ণ আস্থা আছে।তেওঁ কয়, “আধ্যাত্মিকতা, জীৱ-জন্তুৰ সৈতে ঘনিষ্ঠতা, যোগ আৰু ধ্যান গুৰুত্বপূৰ্ণ বিকল্প ঔষধ হ’ব পাৰে। পৰিপূৰক হ’ব পাৰে বন্ধুত্বপূৰ্ণ হাত, এটি আকুপাংচাৰ বেজী আৰু আনকি এটা পাথৰো।”

অৱশ্যে তেওঁ দাবী কৰে যে এই মতামত তেওঁৰ ব্যক্তিগত আৰু সেয়েহে তেওঁ নিজকে ৰাজপৰিয়ালৰ পৰা পৃথক কৰিছে। মাৰ্থাৰ আগতে এবাৰ বিয়া হৈছিল। তেওঁৰ সেই সংসাৰত তিনিটা সন্তানো আছে। কিন্তু মাৰ্থাৰ সেই বিয়া ভাঙি যায়।

ৰাজপৰিয়ালৰ ফালৰ পৰা জনোৱা হৈছে যে মাৰ্থা আৰু ডুৰেকৰ বিয়া হোৱাৰ পিছত তেওঁৰ নতুন স্বামী ৰাজপৰিয়ালৰ সদস্য হ’ব। কিন্তু ৰাজপৰিয়ালে লগতে স্পষ্ট কৰি দিছে যে ডুৰেকে কোনো উপাধি ধাৰণ নকৰিব বা ৰাজতন্ত্ৰক প্ৰতিনিধিত্ব নকৰে।