NORTHEAST NOW (Assamese)

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত মাজুলীত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি

August 14, 2018 6:25 pm · মিটু খাটনিয়াৰ
Updated: August 14, 2018 10:44 pm

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ ৭২ সংখ্যক স্বাধীনতা দিৱসলৈকে মাজত মাত্ৰ আৰু কেইঘণ্টামান বাকী আছে। দেশৰ অন্যান্য ঠাইৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে।

মাজুলীৰ গড়মূৰস্থিত কাছাৰী ময়দানত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেড প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

স্বাধীনতা দিৱসৰ সময়চোৱাত জিলাখনত যাতে কোনো সমাজ বিৰোধী শক্তিয়ে কোনো ধৰণৰ কুটাঘাতমূলক কাম-কাজ সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে মাজুলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ।

জিলাখনৰ জলপথ, দুৰ্গম চৰ-চাপৰিসমুহ, জিলা সদৰলৈ ওলোৱা-সোমোৱা বাট-পথসমূহত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে যান-বাহনসমূহত তালাচী অভিযান অব্যাহত ৰাখিছে।

Related News