NORTHEAST NOW (Assamese)

বিশ্বনাথত আজৱ ঘটনা: কাৰাগাৰলৈ নিয়াৰ পথতে আৰক্ষীৰ জিম্মাৰ পৰা পলাল কয়দী

September 13, 2022 6:56 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম আৰক্ষীৰ অসাৱধানতা উদঙাই আজি বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এক আজৱ কাণ্ড। আজি বিশ্বনাথ চাৰিআলি জিলা কাৰাগাৰৰ এগৰাকী বন্দীক সত্ৰ আদালতৰ পৰা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন কৰে।

ভাস্কৰ জ্যোতি নাথ নামৰ কয়দীজনক বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত তেজপুৰ চেছন আদালতৰ পৰা এখন ভানত জিলা কাৰাগাৰ অভিমুখে লৈ যোৱা হৈছিল।

তেজপুৰৰ এই কয়দীগৰাকীক এটা হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল আৰু ১২ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।

কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা ভাস্কৰ জ্যোতি নাথ তেজপুৰ চেছন আদালতত হাজিৰ কৰোৱা হৈছিল।

কিন্তু আদালতৰ পৰা উভতাই অনাৰ পথতে কয়দীগৰাকীয়ে পলায়ন কৰাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ দায়িত্ববোধৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

ঘটনাসন্দৰ্ভত ইতিমধ্যে এক গোচৰও ৰুজু কৰা হৈছে আৰু পলাতক কয়দীগৰাকীৰ অনুসন্ধান চলোৱাৰ লগতে এক বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে।

Related News