ম্যানমাৰৰ পশ্চিমে য়াংগনৰ এখন কাৰাগাৰত সংঘৰ্ষৰ ঘটনা ঘটিছে। এই সংঘৰ্ষত এজন বন্দী নিহত হোৱাৰ লগতে ৬০ জনৰো অধিক লোক আহত হৈছিল। ম্যানমাৰৰ সামৰিক বাহিনীয়ে শনিবাৰে এইকথা সদৰী কৰিছে।
বাতৰি অনুসৰি, বৃহস্পতিবাৰে নিশা কাৰাগাৰৰ নিৰাপত্তাৰক্ষীসকলে এজন বন্দীৰ পৰা এটা মোবাইল ফোন জব্দ কৰিছিল। তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হৈছিল। তাৰ পিছতে পাথেইনৰ কাৰাগাৰত সংঘৰ্ষ আৰম্ভ হয়। শুকুৰবাৰে ৰাতিপুৱা প্ৰায় ৭০ জন বন্দী তেওঁলোকৰ চেলৰ পৰা পলাই যায়।
লগতে পঢ়ক: আমেৰিকাত ২০ বছৰতকৈও অধিক কাল বন্দিত্বৰ পিছত মুকলি হ’ল বিশ্বৰ শীৰ্ষ গুপ্তচৰ আনা মণ্টেছ
ম্যানমাৰৰ সামৰিক বাহিনীয়ে জনায় যে বন্দীসকলে নিৰাপত্তা বাহিনীক লাঠি, ইটা আৰু কংক্ৰিটৰ টুকুৰাৰে আক্ৰমণ কৰিছিল। কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ হয়। তাৰ পিছতে তেওঁলোকে বলপ্ৰয়োগ কৰে।
ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে সংঘৰ্ষত এজন বন্দী নিহত হৈছে আৰু দুজন আৰক্ষী আৰু ৯জন নিৰাপত্তাৰক্ষীসহ ৬৩ জন বন্দী আহত হৈছে। স্থানীয় সংবাদ মাধ্যমসমূহে নিহত বন্দীজনক ৰাজনৈতিক বন্দী হিচাপে উল্লেখ কৰিছে। জুন্টাই কয় যে তেওঁলোকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ সামৰিক বাহিনীয়ে এক ৰক্তহীন অভ্যুত্থানত গণতান্ত্ৰিক চৰকাৰক উৎখাত কৰি দেশখনৰ ক্ষমতা দখল কৰে। ইয়াৰ ফলত দেশখনত এক ৰাজনৈতিক সংকট আৰু জুন্টা বিৰোধী প্ৰতিবাদ অব্যাহত আছে।
লগতে পঢ়ক: এবছৰ পূৰ্বে ধৰ্ষণ কৰা অভিযুক্তৰ মাতৃক গুলীয়াই নিৰ্যাতিতা কিশোৰীৰ প্ৰতিশোধ!
সমগ্ৰ ম্যানমাৰত বৰ্তমান প্ৰতিবাদ দমনৰ নামত জুন্টাৰ নিৰ্যাতন-উৎপীড়ন চলি আছে। এতিয়ালৈ এক হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। দেশখনৰ গণতন্ত্ৰপন্থী নেতা আং চান চ্যু কীকে ধৰি বহু নেতাক জুন্টাই বন্দী কৰি ৰাখিছে।