ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

a cov123

ক’ৰ’ণাৰ নতুন ঢৌৱে কোবাই যোৱা দেশত চৰকাৰী উদ্যোগত কোভিডৰ ভেকচিন দিয়াৰ কাম চলি আছে যদিও শীঘ্ৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহতো উপলব্ধ হ’ব ক’ৰ’ণাৰ ভেকচিন।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ইচ্ছামতে ল’ব নোৱাৰিব ধন। কেন্দ্ৰীয় চৰকাৰে কোভিডৰ ভেকচিন যাতে সকলোৱে বহন যোগ্য দামত গ্ৰহণ কৰিব পাৰে সেই বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে একোটা কোভিডৰ ভেকচিনৰ মূল্য নিৰ্দ্ধাৰণ কৰি দিছে ২৫০ টকাকৈ।

কোনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে কোভিডৰ ভেকচিনৰ নামত ২৫০ টকাতকৈ অধিক ধন ল’ব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে।

চৰকাৰী চিকিৎসালয়ত এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰা যাব।উল্লেখ্য দেষত চলিত বৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা কোভিড যোদ্ধা, স্বাস্থ্যকৰ্মী আৰু নিৰাপত্তা বাহিনীৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদান কৰি আছে।

খুব সোনকালেই দেশৰ সাধাৰণ জনতাৰ বাবেও ভেকচিন মুকলি কৰি দিয়া হ’ব।

কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী নিৰীক্ষণত ৰাখিবলৈ চৰকাৰে যি Co-Win digital platform সক্ৰিয় কৰি তুলিছে সেই প্লেটফৰ্মৰ ছফটৱেৰ উন্নীত কৰাৰ বাবেই ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত দুদিনৰ বাবে দেশত বন্ধ ৰখা হৈছে কোভিডৰ ভেকচিন প্ৰদানৰ কাম।এই দুদিনত Co-Win digital platform  এতিয়া Co-Win1.0 ৰ পৰা  Co-Win 2.0 লৈ উন্নীত কৰা হ’ব।

চৰকাৰে মুকলি কৰা Co-Win digital platform এপ মোবাইল ফোনতো ডাউনলোড কৰিব পাৰি।

এই এপৰ জৰিয়তে ভেকচিন গ্ৰহণ কৰিব বিচৰা সকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে। এপৰ জৰিয়তে লোক এজনে তেওঁক কেতিয়া, ক’ত ভেকচিন প্ৰদান কৰা হ’ব সেই বিষয়ে তথ্য লাভ কৰিবলৈ সক্ষম হয়।

ইমান দিনে সাধাৰণ জনতাৰ বাবে এই এপ মুকলি নাছিল। কেৱল কোভিড যোদ্ধা, নিৰাপত্তাবাহিনীৰ লোক আদিৰ বাবেহে এই এপ মুকলি আছিল। ১ মাৰ্চৰ পৰা চৰকাৰে ৬০ বছৰৰ ওপৰৰ লোক সকলক কোভিডৰ ভেকচিন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

একেদৰে অন্যান্য জটিল ৰোগত আক্ৰান্ত ৪৫ বছৰৰ ওপৰৰ লোকসকলকো ভেকচিন প্ৰদান কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে।

ভাৰতত এতিয়ালৈকে ১.৩৭ কোটি স্বাস্থ্যকৰ্মী আৰু কোভিড যোদ্ধাক এই ভেকচিন প্ৰদান কৰা হৈছে।ভেকচিনৰ প্ৰথম ডোজ লোৱা ৬৬,৩৭,০৪৯ গৰাকী স্বাস্থ্য কৰ্মীৰ ভিতৰৰে ২২,০৪,০৮৩ গৰাকী স্বাস্থ্য কৰ্মীয়ে দ্বিতীয় ডোজ গ্ৰহণ কৰিছে।