হিন্দু, খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ বিষয়ে কি ক’লে প্ৰিয়ংকা চোপ্ৰাই? চাওক ভিডিঅ’!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত টিভি সাক্ষাৎকাৰগ্ৰহণকাৰী অপ্ৰাহ উইনফ্ৰেৰ স’তে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সাক্ষাৎকাৰৰ প্ৰম’ (promo) মুকলি কৰি দিয়া হৈছে।

ডিস্ক’ভাৰী প্লাচত ২৪ মাৰ্চত সম্প্ৰচাৰ হ’ব লগা সাক্ষাৎকাৰটোৰ প্ৰম’টোত প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ধৰ্মীয় ধ্যানধাৰণাৰ বিষয়ে কোৱা দেখা গৈছে।

প্ৰিয়ংকাই শ্বটোত তেওঁৰ শেহতীয়া আত্মজীৱনীমূলক গ্ৰন্থ ‘মেমইৰ, আনফিনিছড’ৰো প্ৰচাৰ কৰিছে।

অপ্ৰাহ উইনফ্ৰে’য়ে প্ৰিয়ংকাক সোধা দেখা গৈছে যে ভাৰতৰ ‘আধ্যাত্মিক শক্তি’য়ে প্ৰিয়ংকাক কিদৰে প্ৰভাৱান্বিত কৰিছিল।

তদুপৰি তেওঁ সুধিছিল যে প্ৰিয়ংকাৰ কিবা ‘আধ্যাত্মিক বুনিয়াদ’ আছে নেকি?

প্ৰিয়ংকাই কয় যে ভাৰতবৰ্ষত বিভিন্ন ধৰ্ম আছে আৰু এইসমূহে তেওঁক শৈশৱৰে পৰা প্ৰভাৱ পেলাইছিল।

 

 

”মই এখন কনভেণ্ট স্কুলত পঢ়িছিলো। খ্ৰীষ্টিয়ানিটী সম্পৰ্কে মই অৱগত হ’লো।” প্ৰিয়ংকাই কয়- ”মোৰ দেউতাই মচজিদত প্ৰাৰ্থনা কৰিছিল, মই ইছলামৰ বিষয়ে অৱগত হ’লো। মই এটা হিন্দু পৰিয়ালত ডাঙৰ হৈছিলো, মই সেই বিষয়েও অৱগত হ’লো।”

প্ৰিয়ংকাই কয় যে আধ্যাত্মিকতা হৈছে ভাৰতৰ এটা বৃহৎ অংশ আৰু কোনেও ইয়াক নস্যাৎ কৰিব নোৱাৰে।

প্ৰিয়ংকাই কয় যে তেওঁৰ দেউতাক ডঃ অশোক চোপ্ৰাই প্ৰিয়ংকাক শিকাইছিল যে সকলো ধৰ্মৰ জড়িয়তে এজনেই ঈশ্বৰ পোৱা যায়।

”মই হিন্দু। মই প্ৰাৰ্থনা কৰো, মোৰ ঘৰত মোৰ এটা মন্দিৰ আছে, পাৰ্যমানে মই তাত প্ৰাৰ্থনা কৰে।” প্ৰিয়ংকাই কয়- ”কিন্তু মোৰ বাবে সঁচাকৈয়ে, মই বিশ্বাসী যে এটা পৰম শক্তিৰ অস্তিত্ব আছে আৰু মই সেই শক্তিক বিশ্বাস কৰি ভাল পাওঁ।”

উল্লেখযোগ্য যে যোৱা ৮ মাৰ্চৰ দিনা অপ্ৰাহ উইনফ্ৰে’য়ে ব্ৰিটিছ ৰাজপুত্ৰ প্ৰিন্স হেৰী আৰু তেওঁৰ পত্নী মেগান মাৰ্কলেৰ সাক্ষাৎকাৰ লৈছিল।

সাক্ষাৎকাৰটোত মেগান মাৰ্কলেয়ে ব্ৰিটিছ ৰাজপৰিয়ালৰ বিৰুদ্ধে বৰ্ণবৈষম্যবাদৰ অভিযোগ আনিছিল।

সেই লৈ এতিয়াও চৰ্চা অব্যাহত আছে।