কেবল চীনৰ সামগ্ৰীহে গেৰান্টি নোহোৱাকৈ আহে; বিজেপিক প্ৰিয়ংকা গান্ধীৰ প্ৰত্যুত্তৰ

Ex-V8_4UUAEtnxx-1-1140x570

অসমৰ গোলকগঞ্জ, সৰুক্ষেত্ৰী আৰু বৰপেটাৰ ৰাইজলৈ দিয়া এক ভিডিঅ’ বাৰ্তাত কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়।

কংগ্ৰেছৰ ৫টা গেৰান্টিক লৈ বিজেপিৰ সমালোচনাক উভতি ধৰি প্ৰিয়ংকা গান্ধীয়ে কয়, ‘’চীনৰ সামগ্ৰী দেখিবলৈ ধুনীয়া যদিও তাৰ গেৰান্টি নাথাকে আৰু বেছিদিন নিটিকে।‘’

প্ৰিয়ংকা গান্ধীয়ে ভাষণ দিবলগীয়া গোলকগঞ্জ, সৰুক্ষেত্ৰী অথবা বৰপেটাত য’তেই নহওক সকলোতে শুকুৰবাৰে কংগ্ৰেছৰ সভাত বিপুল সংখ্যক লোকৰ উপস্থিতি দেখা যায়।

যদিওবা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী শুকুৰবাৰে অসমলৈ আহিব নোৱাৰিলে, তথাপি গোৱালপাৰা পূব, গোলকগঞ্জ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী সভালৈ মানুহ হিলদল ভাঙি আহে।

শুকুৰবাৰে আহিবলগীয়া কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণ তেওঁৰ স্বামী ৰবাৰ্ট ভদ্ৰাৰ কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত বাতিল হৈছিল।

অৱশ্যে, প্ৰিয়ংকা গান্ধীয়ে উপস্থিত থাকি ভাষণ দিবলগীয়া সমষ্টি তিনিটাৰ ৰাইজলৈ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে।