আচৰিত নহ’ব!! অগপৰ তিনিজন মন্ত্ৰীৰ পদত্যাগ এতিয়াও বাকী

ৰাজভৱনলৈ নপঠাই ঘূৰাই ল’ব পৰা অৱস্থাত ৰখা হৈছে নেকি অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ?

AGP resignation their ministries (3)

ফাইল ফটো : যু বি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰে আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰা অগপৰ তিনিজন মন্ত্ৰীৰ পদত্যাগৰ কাম এতিয়াও বাকী আছে। কাৰণ এতিয়াও গৃহীত হোৱা নাই তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ।

বুধবাৰে এই কথা সদৰী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। সাংবাদিকৰ আগত গগৈয়ে দাৱী কৰা অনুসৰি এতিয়াও তিনিওজন মন্ত্ৰীৰ পদত্যাগৰ বিষয়ে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ে ৰাজভৱনক আনুষ্ঠানিকভাৱে অৱগত কৰা নাই। গতিকে অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ মন্ত্ৰী পদ প্ৰকৃততে এতিয়াও আছে।

“মই শুনিব পাইছো অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ এতিয়ালৈ ৰাজ্যপালে গৃহীত কৰা নাই। মুখ্য মন্ত্ৰীয়ে তেওঁলোকৰ পদত্যাগৰ বিষয়টো এতিয়ালৈ ৰাজ্যপাললৈ পঠোৱাই নাই। মুখ্য মন্ত্ৰীয়ে পঠালে ৰাজ্যপালে গৃহীত কৰাবলৈ বাধ্য। কিন্তু কি ৰহস্যত মুখ্য মন্ত্ৰীয়ে এতিয়াও ৰাজ্যপাললৈ বিষয়টো প্ৰেৰণ কৰা নাই?” প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়।

উল্লেখ্য যে, যোৱা ১০ জানুৱাৰিতে অগপৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে দিচপুৰত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ পদত্যাগপত্ৰ দাখিল কৰিছিল। কিন্তু আজি ৬ দিন অতিক্ৰম কৰাৰ পাছতো পদত্যাগ গৃহীত নোহোৱা বিষয়টো নিশ্চয়কৈ চিন্তনীয়। লগতে পদত্যাগ পত্ৰ ৰজভৱনলৈ প্ৰেৰণ নকৰাটোৱে কি সূচায়? বিজেপিয়ে কৌশলেৰে অগপক নিজৰ লগত ধৰি ৰাখিব বিচাৰিছে নেকি? নে অগপই মিত্ৰতাৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ সম্ভাৱনাত এইদৰে কৌশলেৰে ৰাখি থৈছে প্ৰক্ৰিয়াটো।

এই সন্দৰ্ভত আমি ৰাজ্যপালৰ সচিব সঞ্জীৱ কুমাৰ গোহাঁই বৰুৱাৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, “আমি এইবিষয়ে অৱগত হোৱা নাই। আপুনি মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰক”।

আনহাতে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ দুজনকৈ সচিবৰ লগত যোগাযোগ কৰা হয় যদিও তেওঁলোকে এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে যিহেতু তিনিজন মন্ত্ৰীৰ পদত্যাগ পত্ৰ এতিয়ালৈ গৃহীত হোৱা নাই, তেনে ক্ষেত্ৰত তেওঁলোকে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত কিয় হেঁচা প্ৰয়োগ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে।

ইপিনে, পদত্যাগ কৰা মন্ত্ৰী তিনিজনৰ সৈতে ফোনযোগে যোগাযোগ কৰাৰ চেষ্টা কৰা হয় যদিও অতুল বৰা আৰু ফণীভূষণ চৌধুৰীয়ে ফোন ৰিচিভ নকৰাৰ বিপৰীতে কেশৱ মহন্তৰ ফোন ছুইচ্ছ অফ পোৱা যায়।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে দাৱী কৰা ধৰণেই যদি হয়, তেতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব যে অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ এক নাটকহে আছিল নেকি? তেওঁলোক পুনৰ মন্ত্ৰীৰ আসনলৈ উভতি আহিব নেকি? কেৱল সেই উদ্দেশ্যেই এতিয়াও ঘূৰাই ল’ব পৰা অৱস্থাত ৰাখিছে নেকি পদত্যাগপত্ৰ?