নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপিকা প্ৰৱাসী অসমীয়া জ্যোতিৰ্বিজ্ঞানীৰ জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ প্ৰশংসনীয় উদ্যোগ

অসমৰ বহু বিদ্যালয়ত অনুষ্ঠিত কৰিছে সজাগতা অনুষ্ঠান

জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে অসমৰ এগৰাকী প্ৰবাসী বিজ্ঞানীয়ে বিদ্যালয় সমূহত এলানি সজাগতামূলক সভা আয়োজন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

উল্লেখযোগ্য যে বৰ্তমান নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপনা কৰি থকা যোৰহাটৰ জীয়াৰী প্ৰিয়াস্বিনী শইকীয়াই স্বামী সংযুক্ত আৰৱ এমেৰিটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকা প্ৰসন্ন ৰাজৰ সৈতে মাতৃভূমিলৈ অহাৰ সময়ত সময় উলিয়াই জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি যাতে ছাত্ৰ-ছাত্ৰী সকল আকৰ্ষিত হয় তাৰ বাবে বিদ্যালয়, মহাবিদ্যালয় সমূহত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ।

ইয়াৰ অংশ হিচাপে টীয়কৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই সন্দৰ্ভত এখন সভাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক জ্যোতিৰ্বিজ্ঞান সন্দৰ্ভত ন-ন তথ্য প্ৰদান কৰি জ্যোতিৰ্বিজ্ঞানৰ জনপ্ৰিয়তাৰ প্ৰয়াস চলায় ।ইয়াৰ পূৰ্বে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়তো অনুৰূপ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰিয়াস্বিনী শইকীয়া আৰু তেওঁৰ স্বামীয়ে ।

প্ৰিয়াস্বনীৰ এই অভিযানত সংগ দিছে তেওঁৰ পিতৃ তথা তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অৱসৰপ্ৰাপ্ত বিষয়া ,নিবন্ধকাৰ তৰুণ চন্দ্ৰ শইকীয়াই ।অনুষ্ঠানত শইকীয়াই বিদ্যালয়খনৰ চৌহদত গছ পুলি ৰোপণ কৰাৰ উপৰি কেইবাখনো মূল্যবান গ্ৰন্থ বিদ্যালয়ৰ পুথিভঁৰাললৈ আগবঢ়ায় ।

এই অনুষ্ঠানত ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত ভূঞা ,সহ শিক্ষক-শিক্ষয়িত্ৰী সকল,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া,অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল চন্দ্ৰ বৰুৱা,সমাজ কৰ্মী ডাঃ মহানন্দ নেওগ সহ বহু লোক উপস্থিত থাকে ।