NORTHEAST NOW (Assamese)

ৰেঙণিৰ ধাৰাবাহিক “বেগমজান” সম্প্ৰচাৰত ৬০ দিনৰ বাবে নিষেধাজ্ঞা; দিলে কাৰণ দৰ্শোৱাৰ জাননী

August 25, 2020 11:01 am · কল্পজ্যোতি শইকীয়া

প্ৰায় ২ মাহ পূৰ্বে ৰেঙণি চেনেলত আৰম্ভ হোৱা ‘বেগমজান’ নামৰ ধাৰাবাহিক খনৰ সম্প্ৰচাৰত ৬০ দিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই।

এই ধাৰাবাহিক আৰম্ভ হোৱা দিনাৰ পৰা ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বিশেষকৈ হিন্দু ধর্মৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল বেগমজানৰ বিৰুদ্ধে।

ৰাজ্যজুৰি হিন্দুত্ববাদী দল-সংগঠনে এই ধাৰাবাহিকৰ বিৰুদ্ধে আন্দোলন প্ৰতিবাদ কৰাৰ লগতে বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিল।

এই বিতৰ্কৰ পিছতেই বেগমজান নামৰ ধাৰাবাহিক খনৰ সম্প্ৰচাৰত বাধা আৰোপ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।

গুপ্তাই এক নিৰ্দেশনা যোগে ধাৰাবাহিক সম্প্ৰচাৰত বাধা আৰোপ কৰিছে ।

কেব’ল টেলিভিশ্বন নেটৱৰ্কচ (ৰেগুলেশ্যন) এক্ট, ১৯৯৫ৰ অধীনত বেগমজান নামৰ ধাৰাবাহিক খন সম্প্ৰচাৰত নিষেধাজ্ঞ আৰোপ কৰা হৈছে ।

ইপিনে, ৰেঙণি চেনেল কৰ্তৃপক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী দিছে মহানগৰ আৰক্ষী আয়ুক্তই।

উল্লেখযোগ্য যে, হিন্দু জাগৰণ মঞ্চ, ব্ৰাহ্মণ সমাজে এই ধাৰাবাহিকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰিছিল।

আনকি বহুজনে ছ’চিয়েল মিডিয়াত বেগমজানৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰীতি কংগনাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

Related News