দিনৰ পিছত দিন ধৰি নাবালিকা ছোৱালীক ধৰ্ষণ; ১৪ দিনৰ ন্যায়িক জিম্মালৈ ধৰ্মগুৰু

Lingayat Seer sent to 14-day judicial custody কৰ্ণাটক আৰক্ষীয়ে লিঙ্গায়ত শিৰৰ মুৰুগা মঠৰ ধৰ্মগুৰু শিৱমূৰ্তি মুৰুগা শৰানাৰুৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ (পকচো) অধীনত নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছে আৰু তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে শুকুৰবাৰে চিত্ৰদুৰ্গা আদালতত তেওঁক আৰক্ষী জিম্মাত বিচাৰিব। শিৰ শিৱমূৰ্তিক চিকিৎসা পৰীক্ষাৰ বাবে চিত্ৰদুৰ্গাৰ এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত সোধা-পোছাৰ বাবে এক অজ্ঞাত স্থানলৈ লৈ যোৱা হয়।

লগতে পঢ়ক: কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু

কৰ্ণাটকৰ চিত্ৰদুৰ্গা আৰু মহীশূৰ জিলাৰ নাগৰিক সমাজ আৰু বিভিন্ন সংগঠনৰ দিনজোৰা প্ৰতিবাদৰ পিছত নিশা প্ৰায় ১০.১৫ বজাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আইন-শৃংখলাৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে চৰম সাৱধানতা অৱলম্বন কৰিছে। গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান আগতে তেওঁ সন্মুখৰ দুৱাৰখন বেৰিকেড কৰি ৰাখি পিছফালৰ দুৱাৰেৰে তেওঁক বাহিৰলৈ উলিয়াই নিয়া হয়।