Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

আত্মঘাতী আক্রমণত নিহত তালিবান নেতা শ্বেখ ৰহিমুল্লাহ হাক্কানি।

Taliban cleric Sheikh Rahimullah Haqqani killed তালিবান নেতা শ্বেখ ৰহিমুল্লাহ হাক্কানি কাবুলত এক আত্মঘাতী আক্ৰমণত নিহত হৈছে। আইএছআইএছৰ অন্যতম মুখপাত্ৰ বিলাল কৰিমীয়ে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। আফগান সংবাদ মাধ্যম টোলো নিউজেও ইয়াৰ টুইটাৰ একাউণ্টত হাক্কানিৰ মৃত্যুৰ খবৰ দিছে। তালিবানে টোলো বাতৰিৰ সত্যতা স্বীকাৰ কৰিছে।

বৃহস্পতিবাৰে কাবুলৰ এখন বিদ্যালয়ত ধৰ্মীয় অনুষ্ঠান চলি থকাৰ সময়ত এই আত্মঘাতী বিস্ফোৰণ ঘটোৱা হয়। বিস্ফোৰণত হাক্কানিৰ মৃত্যু হয়। দুৰ্ঘটনাত আগতে এখন ভৰি ছিগি যোৱা এজন লোকে তেওঁৰ প্লাষ্টিকৰ কৃত্ৰিম ভৰিৰ ভিতৰত বিস্ফোৰক লুকুৱাই আনি আক্ৰমণটো চলাইছিল।

লগতে পঢ়ক: ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

এই বিস্ফোৰণৰ আঁৰত কোন উগ্ৰপন্থী গোট জড়িত আছে সেয়া এতিয়াও জনা হোৱা নাই। জানিব পৰা মতে বিস্ফোৰণৰ সময়ত হাক্কানিয়ে অনুষ্ঠানটোত ভাষণ দি আছিল। হঠাতে বিস্ফোৰণত চাৰিওফালে কঁপি উঠে। তালিবানৰ ধৰ্মীয় নেতাজনে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

হাক্কানি আফগানিস্তানৰ তালিবান চৰকাৰৰ সমৰ্থক আছিল। তেওঁ উগ্ৰপন্থী গোট আইএছআইএছৰ এজন শক্তিশালী সমালোচকো আছিল। ফলস্বৰূপে তেওঁৰ মৃত্যুত আই.এছআইএছ জড়িত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

তালিবানে আগষ্টত আফগানিস্তানৰ নিয়ন্ত্ৰণ হাতত লৈছিল। তেতিয়াৰ পৰা যোৱা বছৰটোত হাক্কানি হৈছে তালিবানৰ সৰ্বোচ্চ পদবীৰ নেতা যি উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছে।

লগতে পঢ়ক: অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

তালিবানৰ এজন জ্যেষ্ঠ নেতাই হাক্কানিৰ মৃত্যুৰ বিষয়ে সংবাদ সংস্থাক কয়, “এই মৃত্যু আফগানিস্তানৰ বাবে এক ডাঙৰ ক্ষতি। নেতাজনে লগতে কয় যে আক্ৰমণটোৰ আঁৰত কোন আছিল সেয়া জানিবলৈ ইতিমধ্যে এটা তদন্ত আৰম্ভ কৰা হৈছে।‘’

উল্লেখ্য যে মাত্ৰ কেইদিনমান পূৰ্বে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্ৰোণ আক্ৰমণত আল-কায়দাৰ মুৰব্বী আয়মান আল-জাৱাহিৰী নিহত হৈছিল।