বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ তথা প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰলৈ বোকাখাতত গভীৰ শ্ৰদ্ধাঞ্জলি তথা ৰক্তিম অভিবাদন

ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ তথা প্ৰবীণ বাওঁপন্থী নেতা অৱনী বৰঠাকুৰৰ বিয়োগ অসমৰ বাবে এক অপুৰণীয় ক্ষতি।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে গুৱাহাটীৰ গীতানগৰস্থিত কে জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিন্তাবিদ গৰাকীয়ে।

‘নব্য উদাৰতাবাদ আৰু অনন্য প্ৰবন্ধ’, ‘অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কৰ্মীৰ স্মৃতিকথা’ আছিল তেওঁৰ উল্লেখযোগ্য ৰচনা।

চৰকাৰৰ জন বিৰোধী নীতি, জাতি বিৰোধী স্থিতি, শাসকৰ শোষণৰ বিৰুদ্ধে বাৰে বাৰে ৰাজপথত নামি প্ৰতিবাদী মিচিলক সন্মূখৰ পৰা নেতৃত্ব দিছিল তেওঁ।

সেই গৰাকী মহান চিন্তাবিদলৈ বুধবাৰে বোকাখাতত জীপাল কৃষক-শ্ৰমিক সংঘ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত গভীৰ শ্ৰদ্ধাঞ্জলি তথা ৰক্তিম অভিবাদন জ্ঞাপন কৰা হয়। বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰবীণ বাওঁপন্থী নেতা গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ হৈ বলো বৰা, প্ৰনৱ দলে, ভাৰতীয় গণনাট্য সংঘৰ গণশিল্পী ধনেশ্বৰ শইকীয়া, প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাত জাতীয় বিদ্যালয়, জীপাল কৃষক শ্ৰমিক সংঘ‌‌‌, ৰিক্সাচালক সন্থা, বোকাখাত নাট্য মন্দিৰ, সাংবাদিক সন্থাকে আদি কৰি কেইটাও অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে।

১৯২৯ চনত জন্মগ্ৰহণ কৰা অৱনী বৰঠাকুৰ কটন কলেজত অধ্যয়ন কৰি থকাৰ সময়তে দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল আৰু ছাত্ৰ অৱস্থাতেই গ্ৰহণ কৰিছিল কমিউনিষ্ট পাৰ্টিৰ সদস্য পদ।

অনবৰতে সমাজমুখী চিন্তা আৰু সমাজ সংস্কাৰৰ স্বপ্নৰ পিছে পিছে দৌৰা বৰঠাকুৰে ১৯৪৫ চনতে শিৱসাগৰ জিলাৰ ছাত্ৰ ফেডাৰেচনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ১৯৫০ চনৰে পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণৰ কৰ্মী হৈ তেওঁ ১৯৭০ চনৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সহকাৰী সম্পাদক, দলৰ সম্পাদক মণ্ডলীৰ সদস্যও হৈছিল। ১৯৪৮ ৰ পৰা ১৯৫৮ চনলৈ তেওঁ আছিল অসম ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত।

ৰাজনৈতিক, সামাজিকভাৱে এনেদৰে সক্ৰিয় হৈ থকাৰ মাজতেই তেওঁ ১৯৫৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ১৯৬৩ চনত গ্ৰহণ কৰে বুৰঞ্জীত স্নাতকোত্তৰ ডিগ্ৰী। অবিভক্ত শিৱসাগৰৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান নাজিৰা কলেজৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো বিশেষভূমিকা গ্ৰহণ কৰা বৰঠাকুৰে পৰৱৰ্তী সময়ত ১৯৮২ চনত মহাবিদ্যালয়খনৰ গ্ৰহণ কৰিছিল অধ্যক্ষৰো দায়িত্ব।

৯৫ বছৰ বয়সত মঙ্গলবাৰে অক্লান্ত এই সমাজ বিজ্ঞানী, চিন্তাবিদ, শিক্ষাবিদ তথা স্বাধীনতা সংগ্ৰামীগৰাকীয়ে ইহ সংসাৰ ত্যাগ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকাহত তেওঁৰ সমূহ অনুগামী।