NORTHEAST NOW (Assamese)

কোভিড: বিটিএডিৰ চাৰিওখন জিলাৰ উপায়ুক্তৰ সৈতে ভিডিও কনফাৰেঞ্চ প্ৰমোদ বড়োৰ

May 26, 2021 5:46 pm · দীপক কুমাৰ পাঠক
Updated: May 26, 2021 5:49 pm

বাক্সা জিলা সদৰ মুছলপুৰত আজি কোভিড পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ বাবে বিটিচি প্ৰধান প্ৰমোদ বড়ো উপস্থিত হয়।
বাক্সা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি বিটিএডিৰ চাৰিওখন জিলাৰ উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিভাগীয় বিষয়া আৰু কৰ্মচাৰী সৈতে ভিডিও কনফাৰেঞ্চ যোগে আলোচনাত মিলিত হয় ৷
সভাৰ অন্তত প্ৰমোদ বড়োই মুছলপুৰৰ ডাঃ ৰবিৰাম বড়ো অসামৰিক চিকিৎসালয়ত নিৰ্মানৰত ইন্টেনচিভ কেয়াৰ ইউনিট পৰিদৰ্শন কৰে।
পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ আগত বিটিচি প্ৰধান গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
তেওঁ সাংবাদিকক কয়- মুছলপুৰ অসামৰিক চিকিৎসালয়ত আই চি ইউ হব। এয়া বহু ভাল কথা ৷
বৰ্তমানৰ জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন ঠাইত গৈ নিজেই কোভিড পৰিস্থিতিৰ তদাৰক কৰি আছে ৷
কোভিড ওয়েৰীৰ সকলক সকলো ধৰণেৰে সহায় সহযোগ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।
চিকিৎসকেই হওক বা আন কোনো স্বাস্থ্য কৰ্মীয়েই হওঁক নিজৰ দায়িত্বত গাফিলতি কৰিলে লোৱা হব বিহীত ব্যৱস্থা।
বিটিচিৰ সদনত বিপিএফৰ এমচিএলএ উপস্থিত নথকা সন্দৰ্ভত মন্তব্য দি তেওঁ কয় – বিপিএফৰ এমচিএলএ ৰ সমষ্টিতো উন্নয়ণ হব ৷ ৰাজনীতি কৰিব লাগে সমাজৰ স্বাৰ্থত ৷ ব্যক্তিগত লাভালাভৰ বাবে ৰাজনীতি হব নালাগে।
বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাজাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰমোদ বড়োৰ৷ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে প্ৰমোদ বড়োয়ে ৷
বিটিচিত পুনৰ অস্ত্ৰ উদ্ধাৰ সন্দৰ্ভত তেওঁ কয় – অস্ত্ৰ শস্ত্র থাকিব পাৰে। সেইবোৰ উদ্ধাৰ হব লাগে। আমি অস্ত্ৰমুক্ত সমাজ বিচাৰো৷ সেই বাবে শান্তি চুক্তি সম্পন্ন হল। আলফা চৰকাৰৰ আলোচনাও সোনকালে হব লাগে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ৷

Related News