শিক্ষক সমাজলৈ সুখবৰ! “মিউচুৱেল ট্ৰেন্সফাৰ”ৰ আৱেদনবোৰ গৃহীত কৰিলে চৰকাৰে

teachers' transfer approved

পূজাৰ বতৰতে শিক্ষকৰ বাবে এটা বিশেষ সুখবৰ আগ বঢ়াই দিছে ৰাজ্যৰ শিক্ষা বিভাগে।

প্ৰাথমিক আৰু মাধ্যমিক শিক্ষক-শিক্ষয়িত্ৰীয়ে কৰ্মস্থানৰ পাৰস্পৰিক বদলি ( মিউছুৱেল ট্ৰেন্সফাৰ)ৰ বাবে কৰা অনলাইন আৱেদনত অনুমোদন কৰিছে।

আজি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই এই সুখবৰটো বিলাই দি নিজেও সুখী অনুভৱ কৰা বুলি এটা টুইট কৰিছে।

“শ্ৰদ্ধাৰ শিক্ষক সকলক এই কথা জনাবলৈ পাই মই সুখী হৈছো যে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাবিভাগৰ online mutual transfer ব্যৱস্থাটোৰ মাধ্যমেৰে লাভ কৰা প্ৰস্তাৱসমূহ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল, সেই প্ৰস্তাৱসমূহ গৃহীত হৈছে। অতিশীঘ্ৰে online mutual transfer কাৰ্য্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে”, অসমীয়াতে লিখা টুইটটোত শিক্ষা মন্ত্ৰীজনৰ মন্তব্য।

মন্ত্ৰীজনে টুইটটোত ১ অক্টোবৰত মাধ্যমিক শিক্ষা বিভাগে জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশটোৰ এটা প্ৰতিলিপিও শ্বেয়াৰ কৰে।

নিৰ্দেশটোত কোৱা হৈছে, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগত পাৰস্পৰিক বদলি ( মিউছুৱেল ট্ৰেন্সফাৰ)ৰ বাবে প্ৰাপ্ত অনলাইন প্ৰস্তাৱবোৰৰ অসংগতি (বিসংগতি) নথকা বা অসম্পূৰ্ণ নোহোৱাবোৰ চৰকাৰে গ্ৰহণ কৰিছে।

“বিসংগতি নথকা বৈধ আৰু সম্পূৰ্ণ প্ৰস্তাৱবোৰৰ অনুমোদন সোনকালেই কৰা হ’ব। এই নিৰ্দেশনা অতি শীঘ্ৰেই কাৰ্য্যকৰী হ’ব লাগে”, শিক্ষা বিভাগৰ নিৰ্দেশটোত কোৱা হয়।

স্বাভাৱিকতে বহু অসুবিধাৰ মাজত দূৰৱৰ্তী ঠাইত শিক্ষকতা কৰি থকা বহুতো শিক্ষক-শিক্ষয়িত্ৰীসকলক চৰকাৰৰ এই পদক্ষেপে সকাহ দিব। বদলি প্ৰক্ৰিয়াটো বন্ধ হৈ থকা বাবে বিশেষকৈ কিছুমান দুৰ্গম আৰু নিৰাপত্তাহীন ঠাইতো বহুতো শিক্ষয়িত্ৰীয়ে বহু অসুবিধাৰ মাজত চাকৰি কৰি আছে।