ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ পৰিকল্পনা ধোঁৱাচাঙত

ফাঁচীবজাৰৰ প্ৰস্তাৱিত উদ্ভিদ উদ্যান নিৰ্মাণৰ স্থান

ব্যস্ত জীৱনৰ পৰা আঁতৰি অকনমান মুকলি ঠাইত ফুৰি সময় পাৰ কৰাৰ বাবে গুৱাহাটী মহানগৰীত মুকলি ঠাইৰ বাৰুকৈ অভাৱ। মহানগৰীৰ চাৰিওফালে সুউচ্চ অট্টালিকা, দোকান পোহাৰ, গাড়ী মটৰে ভৰি পৰিছে। গুৱাহাটীত যেন এতিয়া মানুহে উশাহ অলপ ল’ব পৰাকৈ মুকলি ঠাই নোহোৱা হৈ পৰিছে।

উল্লেখযোগ্য যে গুৱাহাটীত মুকলি ঠাইৰ অভাৱ আৰু স্বাস্থ্যকৰ পৰিৱেশত অৱসৰ বিনোদন কৰাৰ বাবে ফাঁচীবজাৰৰ পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ পৰিকল্পনা এতিয়াও চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে।

৮বছৰ পূৰ্বে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচীবজাৰৰ পৰা সৰুসজাইলৈ স্থানান্তৰ হোৱাৰ পিছৰে পৰা ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিখিনি পৰিত্যক্ত হৈ পৰি আছে। ২০১১ চনৰ ১৩ ছেপ্টেম্বৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰখন ফাঁচীবজাৰৰ পৰা নি সৰুসজাইৰ এশ বিঘা মাটিত স্থাপন কৰা হৈছিল।

তাৰ পিছত একে বছৰৰে অক্তোবৰত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ মাটিখিনি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰনক হস্তান্তৰ কৰিছিল। প্ৰথমতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰনে কাৰাগাৰৰ মুকলি হৈ পৰা ভূমিত শ্বপিং মল আৰু পাকিংস্থান নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। পিছত মহানগৰ উন্নয়ন প্ৰাধিকৰনে এই সিন্ধান্ত বাতিল কৰে। পিছত তদানীন্তন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ৫৭ বিঘা মাটিত উদ্ভিদ উদ্যান নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে।

কিন্তু তিনি বছৰ পূৰ্বে মন্ত্ৰী শৰ্মাই ঘোষণা কৰা উদ্ভিদ উদ্যান নিৰ্মাণৰ কাম বৰ্তমানো ফাইলতে আৱদ্ধ হৈ আছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক দায়িত্ব দিয়া প্ৰস্তাৱিত উদ্যানখন নিৰ্মাণ আৰম্ভ হোৱা দূৰৈৰ কথা আজিলৈকে ইয়াৰ নক্সা  পৰ্যন্ত প্ৰস্তুত হোৱা নাই।

মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ পৰা পোৱা তথ্য মতে, যোৱা ডিচেম্বৰৰ শেষত প্ৰাধিকৰণে প্ৰস্তাৱিত উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰাৰ বাবে নিবিদা আহ্বান কৰিছিল। মহানগৰ উন্নয়ন প্ৰাধিকৰণে উদ্ভিদ উদ্যানৰ নক্সা প্ৰস্তুত কৰি তোলাৰ বাবে ডেৰ বছৰ সময় নিৰ্দ্ধাৰণ কৰিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে উদ্ভিদ উদ্যান নিৰ্মাণৰ কাম ২০২০ চনৰ ভিতৰত আৰম্ভ নহয়।

প্ৰস্তাৱিত উদ্ভিদ উদ্যানত বিশেষভাবে ঔষধি গছ ৰোপণ কৰাৰ লগতে তাত থকা জলাশয়কেইটা উন্নয়ন কৰা, অৱসৰ বিনোদন কৰাৰ বাবে উদ্যান নিৰ্মাণ কৰা, ওখ টাৱাৰ, কাৰ পাৰ্কিং স্থান, ডিজিটেল মিউজিয়াম, আলোচনা গৃহ, খোজকঢ়া স্থান নিৰ্মাণ কৰা আদি প্ৰস্তাৱ আছে।

উল্লেখযোগ্য যে ২০১৬ চনত গুৱাহাটী উন্নয়ন বিভাগে কেন্দ্ৰীয় কাৰাগাৰৰ পুৰণি ঠাইখিনি উন্নয়ন কৰাৰ বাবে ৩ কোটি টকা মোকলাই দিছিল। পুনৰ ২০১৭ চনতে ৰাজ্য চৰকাৰে গুৱাহাটী উন্নয়ন বিভাগক ইয়াৰ বাবে ৫,৮৬৩.৩৫  লাখ টকা মোকলাই দিছিল। ধন মোকলাই দিয়াৰ দুবছৰৰ পিছতো উদ্ভিদ উদ্যানৰ নিৰ্মাণ আৰম্ভ কৰিব নোৱাৰাই মহানগৰ উন্নয়ন প্ৰধিকৰণৰ চৰম দায়িত্বজ্ঞানহীনতা আৰু অৱহেলা প্ৰতিফলিত কৰিছে।