• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰটিন হৈছে সুস্বাস্থ্যৰ চাবিকাঠি! কৃত্ৰিমভাবে সংযোগ কৰা প্ৰটিন স্বাস্থ্যকৰ নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 7, 2025 7:00 am
132
VIEWS
Share on FacebookShare on Twitter

প্ৰটিন হৈছে মানুহৰ শৰীৰৰ অন্যতম উপাদান। শৰীৰ সুস্থ কৰি ৰখা, ক্ষতিগ্ৰস্ত কোষ মেৰামতি আৰু পেশী সবল কৰি ৰখাৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয়। বহুতে ওজন কমাবলৈ ‘প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰে। প্ৰটিনৰ প্ৰতি এই আকৰ্ষণ দেখি বিভিন্ন কোম্পানীয়ে এতিয়া কফি, চকলেট, দৈ, চীজ কেক আনকি আইচক্ৰীমত প্ৰটিন যোগ কৰিছে। খাদ্যত উচ্চ মাত্ৰাৰ প্ৰটিন যোগ কৰাৰ দাবী কৰা হয়। কেলৰি, চেনি নামমাত্ৰ। ফলত নিশ্চিন্তে ইয়াক সেৱন কৰিব পাৰি

দালি, মাছ, মাংস, কণী, পনিৰ, সৰিয়হ আদিত প্ৰটিন পোৱা যায়। কিন্তু প্ৰচেছড খাদ্যত যোগ কৰা প্ৰটিনৰ প্ৰয়োজন আছেনে? পুষ্টিবিদ শম্পা চক্ৰৱৰ্তীৰ মতে, এজন প্ৰাপ্তবয়স্কৰ প্ৰতি কিলোগ্ৰাম ওজনত ০.৮ গ্ৰাম প্ৰটিন লাগে। ব্যায়াম কৰিলে ১.৩ৰ পৰা ১.৬ গ্ৰাম পৰ্যন্ত ল’ব পাৰে। দৌৰবিদৰ বাবে বেছি প্ৰটিনৰ প্ৰয়োজন। বয়স, ওজন আৰু কামৰ ধৰণৰ ওপৰত প্ৰটিনৰ পৰিমাণ নিৰ্ভৰ কৰে।

বেছি প্ৰটিন খোৱাটো সদায় ভাল নহয়। ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব পাৰে। পুষ্টিবিদসকলে কয়, শৰীৰ সুস্থ ৰাখিবলৈ কেৱল প্ৰটিন নহয়, কাৰ্বহাইড্ৰেট, ভাল চৰ্বি, ভিটামিন, খনিজ আৰু আঁহৰো প্ৰয়োজন। সকলো খাদ্য পৰিমিতভাৱে খোৱাটো জৰুৰী।

প্ৰচেছড খাদ্যত প্ৰটিন কফি, আইচক্ৰীম আৰু দৈত প্ৰটিন যোগ কৰিলে স্বাস্থ্যকৰ হয় নেকি? ইয়াৰ উত্তৰত বিশেষজ্ঞসকলে প্ৰচেছড খাদ্য কম খাবলৈহে পৰামৰ্শ দিছে। উদাহৰণস্বৰূপে, প্ৰটিন-গাখীৰত দুগুণ প্ৰটিন থাকে, কিন্তু ইয়াক প্ৰক্ৰিয়াৰ মাধ্যমে তৈয়াৰ কৰা হয়। গাখীৰৰ পানী আঁতৰাই গুড়ি মিহলাই তৈয়াৰ কৰা হয়। এনে প্ৰটিনে আন পুষ্টিৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। পুষ্টিবিদসকলে কয়, প্ৰটিনৰ গুণাগুণ কোম্পানীৰ তৈয়াৰ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰটিনৰ প্ৰয়োজন পূৰণৰ বাবে ডাক্তৰ আৰু পুষ্টিবিদসকলে সতেজ খাদ্যৰ ওপৰত গুৰুত্ব দিয়ে। কেক বা দৈৰ পৰিৱৰ্তে বাদাম, চজিনা, কাবুলী চজিনা, আদি খোৱাৰ পৰামৰ্শ দিছে। প্ৰটিনৰ লগতে শৰীৰৰ আন পুষ্টিৰ ভাৰসাম্য ৰক্ষা কৰাটোৱেই সুস্বাস্থ্যৰ ৰহস্য বুলি মত প্ৰকাশ কৰিছে।

Recent News

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd