“আমাকো গ্ৰেপ্তাৰ কৰক”, লেখক বিজু বৰিক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ফেইচবুকত প’ষ্ট

protest against arrest of writer Biju Bori

Biju Bori

লিখা গ্ৰন্থৰ বাবেই আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা সচেতন লেখক বিজু বৰি।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে য়ু এ পি এ বিধেয়ক গৃহীত কৰি চৰম স্বৈৰাচাৰী চৰিত্ৰ প্ৰদৰ্শন কৰাৰ দুদিনমান পিছতে যোৱা ৭ আগষ্টত বিয়লি ১ বজাত বোকাখাত সমষ্টিৰ বংকোৱালৰ বৰটিকাৰ লেখক বিজু বৰিক তেওঁ লিখা গ্ৰন্থৰ বাবেই নিজৰ বাসগৃহৰ পৰা দেৰগাওঁ আৰক্ষীয়ে কোনো আগতীয়া জাননী নিদিয়াকৈ উঠাই নিয়ে।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বহুঘণ্টাজোৰা পুলিচি জেৰা চলোৱা হয় লেখকজনক আৰু তেওঁৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য আদায় কৰাৰ পিছতহে তাৰ পৰা ওলাই আহিবলৈ দিয়া হয়। কিন্তু তেওঁৰ ম’বাইল জব্দ কৰি ৰাখে।

লেখক বৰিয়ে আৰক্ষীক এইদৰে জবানবন্দী দিব লগীয়া হয়-

বৰিক আৰক্ষীয়ে উঠাই নিয়া বুলি গম পাই গোলাঘাটৰ স্থানীয় সাংবাদিকৰ দলে তেওঁৰ মন্তব্য ল’বলৈ ভিৰ কৰে যদিও আৰক্ষীয়ে লগ কৰাৰ অনুমতি নিদিয়াত সাংবাদিকৰ দল উভতি যায়।

ইয়াৰ পাছতেই তেওঁক গোলাঘাটৰ পৰা দেৰগাওঁ আৰক্ষী থানালৈ প্ৰেৰণ কৰে। অৱশেষত পিছ ৰাতি নি ১ বজাত ঘৰত থৈ আহে।

সম্পূৰ্ণ ২৪ ঘণ্টা আবদ্ধৰ অন্তত তেওঁক জনাই যে পিছদিনা পুৱা ১০-৩০ বজাত দেৰগাওঁ থানাত হাজিৰ হ’ব আৰু মবাইল লৈ যাব।

ইপিনে সৰ্বত্ৰে তেওঁক পুলিচে উঠাই নিয়াৰ খবৰ বিয়পি পৰাত সচেতন বহু লোক ক্ষুব্ধ হৈ পৰে আৰু আৰক্ষী অধীক্ষকৰ সৈতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে যোগাযোগ কৰি মুক্তিৰ দাবী তোলে।

ছচিয়েল মেডিয়াত বহু সংখ্যক ব্যক্তি, যুৱক-যুৱতীয়ে বুকুত তেওঁৰ “মাওবাদৰ সংগ্ৰামী ইতিহাস আৰু অন্যান্য” শীৰ্ষক গ্ৰন্থখন লৈ ফটো তুলি প’ষ্ট দিয়ে এইবুলি- “আমাকো গ্ৰেপ্তাৰ কৰক”।

প্ৰতিবাদৰ জোৰ বঢ়াৰ ভয়ত আৰক্ষীয়ে মাজ ৰাতিয়েই বৰিক ঘৰত থ’বলৈ বাধ্য হয়।

কিন্তু আৰক্ষীৰ কথামতে বৰি ৮ আগষ্টৰ পুৱা ১০-৩০ বজাত দেৰগাওঁ থানাত উপস্থিত হয়। তেওঁৰ উপস্থিতিৰ সময়ত শতাধিক গুণমুগ্ধ ভিৰ কৰে আৰু কেইবাটো সংগঠনৰ প্ৰতিনিধিয়ে থানাৰে আলোচনাত লগ দিয়ে।

কিন্তু আৰক্ষীয়ে কোনো বিশেষ আলোচনা আগ নবঢ়াই “ম’বাইল ফোনটো ডিব্ৰুগড় সদৰ থানাৰ জিম্মাত নিল” বুলি কৈ গোলাঘাট-দেৰগাওঁ থানাৰ কোনো দায়িত্বত আৰু নাই বুলি গা এৰা মন্তব্য দিয়ে। লগতে যেতিয়া দৰকাৰ হ’ব তেতিয়াই উঠাই লৈ অনা হ’ব বুলি কোৱাত প্ৰতিনিধি দলে জাঙুৰ খাই প্ৰতিবাদ সাব্যস্ত কৰে।

বৰিয়ে “মাওবাদৰ সংগ্ৰামী ইতিহাস আৰু অন্যান্য”, “ভাৰতৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ কমলা মিৰি”ৰ উপৰি আন কেইবাখনো গ্ৰন্থ লিখিছে।