চুতীয়া জনগোষ্ঠীক প্ৰতাৰণা; ছেবাৰ জাননীৰ প্ৰতিলিপি দাহ

IMG-20190802-WA0046

বোকাখাতত প্ৰতিবাদ

বৈচিত্ৰময় অসমৰ পাঠ্যক্ৰমক লৈ অসম মাধ্যমিক শিক্ষা পৰিষদে বিগত ২৬ জুলাইত  জাৰি কৰা জাননীক লৈ ক্ষুব্ধ হৈ পৰিছে চুতীয়া জনগোষ্ঠীৰ লোকসকল।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিয়ে আজি  বোকাখাতত ছেবাৰ জাননীখনৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত সংগঠনৰটোৰ নেতা-কৰ্মীসকলে ‘অসম মাধ্যমিক শিক্ষা পৰিষদ হায় হায়, শিক্ষা বিভাগ হায় হায়, শিক্ষা বিভাগৰ মইমতালি নচলিব, চুতীয়া জনগোষ্ঠীক কৰা প্ৰতাৰণা সহ্য কৰা নহব, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদিৰে ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলৰ মতে অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতিক সামৰি বৈচিত্ৰময় অসম গঢ় লৈছে। চুতীয়া জাতিৰ বুৰঞ্জী ২০০৭ চনতে প্ৰকাশ পাইছিল আৰু  ছেবাই অসমৰ ছাত্ৰ-ছাত্ৰী সকলক সেই বুৰঞ্জীখন অধ্যয়ন কৰা সুযোগ দিব লাগিছিল।

ইয়াৰ বিপৰীতে এই সম্পৰ্কত  শিক্ষা বিভাগে দিয়া জাননীক লৈ চুতীয়া ছাত্ৰ সন্থা ক্ষোভিত হৈ পৰিছে।

”ছেবাই চুতীয়া বিৰোধী জাননী বাতিল কৰি নতুনকৈ চুতীয়া জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰি  জাননী জাৰি নকৰালৈকে ধাৰাবাহিক ভাবে এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব”।

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা সভাপতি মণ্টু শইকীয়া আৰু সাধাৰণ সম্পাদক লাচিত কাকতিয়ে এনেদৰে সংবাদমাধ্যমৰ আগত জনায়।

ডিব্ৰুগড়ত প্ৰতিবাদ

সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাতো চুতীয়া ছাত্ৰ সন্থাৰ জিলা সমিতিয়ে সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছেবাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এক বিবৃতিত সন্থাৰ জিলা সভাপতি জিতু শইকীয়া সম্পাদক সঞ্জীৱ চুতীয়াই তীব্ৰ ক্ষোভেৰে কৈ যে, ছেবাৰ এনে প্ৰতাৰণা কেতিয়াও মানি লোৱা নহব, বিশেষ বিশেষ জনগোষ্ঠীকলৈ বৈচিত্ৰ্যময় অসম হ’ব নোৱাৰে।