নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত ৪ ছাত্ৰৰ অনশন প্ৰতিবাদ

Sivasagar

জাতিধ্ৱংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ চাৰিওফালে তীব্ৰ প্ৰতিবাদ আৰু আন্দোলন চলি থকাৰ মাজতে আজি শিৱসাগৰ নগৰত ৪ গৰাকী ছাত্ৰই বিধেয়কখন বাতিলৰ দাবীত এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত থকা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰূপায়ণ কৰা উক্ত অনশন কাৰ্যসূচীত অংশ লোৱা ছাত্ৰকেইগৰাকী হৈছে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অভিজিত গগৈ, ৰাহুল গগৈ, প্ৰিয়াংকু গগৈ আৰু অবিনাশ কলিতা।

উল্লেখযোগ্য যে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৰূপায়ন কৰা অনশন কাৰ্যসূচীত ছাত্ৰ কেইগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবী উত্থাপন কৰে।

আনহাতে তেওঁলোকৰ এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই পিছত মহাবিদ্যালয়খনৰ আন আন ছাত্ৰ-ছাত্ৰী সকলেও অনশনস্থলিত আহি তেওঁলোকক সহযোগ কৰে।