মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী: APCC ৰ প্ৰতিবাদত বাধা আৰক্ষীৰ

কংগ্ৰেছৰ বিশাল প্রতিবাদী সমদলক কলাক্ষেত্ৰত আৱদ্ধ কৰি ৰাখিলে আৰক্ষী বাহিনীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী, পৰিয়ালে অবৈধভাৱে আত্মসাৎ কৰা “চিলিং উদ্বৃত্ত” মাটি কেলেংকাৰীৰ উচ্চ তদন্তৰ দাবীত শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা প্রশিক্ষণস্থলীৰ পৰা হঠাৎ কেইবাশও কংগ্ৰেছ নেতা-কর্মীয়ে উলিওৱা সমদল কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰতে আৱদ্ধ কৰি ৰাখে বিশাল আৰক্ষী বাহিনীয়ে।

উল্লেখযোগ্য যে এ আই চি চিৰ সাধাৰণ সম্পাদক শ্রীকে চি বেণুগোপাল, জিতেন্দ্ৰ সিং, প্রদেশ কংগ্ৰেছৰ সভাপতি শ্রীভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, তিনিওগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে পুৰকায়স্থ, এ আই চি চিৰ সম্পাদকদ্বয় পৃথ্বীৰাজ সাথে আৰু বিকাশ উপাধ্যায়, সাংসদ প্ৰদ্যুত বৰদলৈ, সাংসদ গৌৰৱ গগৈ, বিৰোধী উপ-দলপতি ৰকিবুল হুছেইন, প্রদেশ কংগ্ৰেছৰ নেতৃবৃন্দ, ৰেকিবুদ্দিন আহমেদকে ধৰি প্ৰায়সকল বিধায়ক, প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰা প্ৰায় সাত শতাধিক কংগ্ৰেছ কর্মী, নেতাই এই প্রতিবাদী সমদলত ভাগ লৈছিল।

কিন্তু কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই আৰক্ষী বাহিনীয়ে সমদল বাহিৰ হোৱাত বাধা প্রদান কৰে।

কংগ্ৰেছৰ নেতাসকলে সমদল কৰি গৈ দিছপুৰত ৰাজ্যৰ মুখ্য সচিবৰ জৰিয়তে ৰাজ্যপাললৈ এই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰোৱাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়িছিল।

প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে “দুখীয়া ভূমিহীন পৰিয়ালক দিবলগীয়া “চিলিং উদ্বৃত্ত” মাটি এগৰাকী মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে অবৈধভাৱে আত্মসাৎ কৰা ঘটনা অতি লজ্জাজনক আৰু নজিৰবিহীন। এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্ত হ’ব লাগিব আৰু সেই মাটি দুখীয়া ভূমিহীন পৰিয়ালৰ মাজত বিতৰণ কৰিব লাগিব।

যেতিয়ালৈকে এই দুৰ্নীতিৰ তদন্ত নহ’ব তেতিয়ালৈকে কংগ্ৰেছ ক্ষান্ত নহ’ব।”

পিছত দলৰ নেতৃবৃন্দৰ পৰা মুখ্য সচিবৰ হৈ এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই স্মাৰক পত্ৰ খন গ্ৰহণ কৰে।