মাৰ্ঘেৰিটাত মহাবিদ্যালয় সমূহত নামভৰ্তিৰ মাচুল আৰু অন্যান্য মাচুল বৃদ্ধিৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ্যোগত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় সমূহত নাম ভৰ্তিৰ মাচুল আৰু অন্যান্য মাচুল বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰোধিতাৰে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।

পুৱা ১০ বজাৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় সমূহৰ নাম ভৰ্তিৰ মাচুল আৰু অন্যান্য মাচুল বৃদ্ধিৰ প্ৰতিবাদ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মাচুল বৃদ্ধিৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।

প্ৰতিবাদৰ অন্তত মহবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে অসম চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।