ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত উত্তাল টীয়কৰ ৰাজপথ

Assam

টীয়কত মৰণফাণ্ডত পৰিণত হৈছে চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ২০১৪ বৰ্ষতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলাইনযুক্ত পথলৈ উন্নীতকৰণৰ যি প্ৰতিশ্ৰুতি আৰু সপোন দেখিছিল সেই প্ৰতিশ্ৰুতি আৰু সপোন পথচাৰীৰ বাবে অভিশাপ হৈ এক জলন্ত সমস্যা ৰূপে থিয় দিছে।

অপৰিপক্ক নিৰ্মাণ কাৰ্য, ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন তথা NHIDCL ৰ অমনোযোগিতাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটি এতিয়া মৰণফান্দত পৰিণত হৈছে।

পথটি যাতায়তৰ অনুপযোগী হোৱাৰ সম্পৰ্কত বহুবাৰ শীৰ্ষ পয্যায়ত অভিযোগ কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনে।

সদৌ অসম ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টীয়ক নাগৰিক সমিটিকে আদি কৰি কেইবাটাও জাতীয় সংগঠন লগ হৈ আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

সংগঠন কেইটাই টীয়কৰ ৰাজপথত মানৱ শৃংখল সৃষ্টি কৰি প্ৰতিবাদ গঢ়ি তোলাৰ লগতে অনাগত দিনত যদি ক্ষীপ্ৰ গতিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰে অধিক জংগী আন্দোলনৰ ভাবুকি প্রদান কৰে।