আন্দোলনকাৰী ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীক জি ভি কে-ই এম আৰ আই কৰ্তৃপক্ষৰ সকীয়নি : কামত যোগ দিয়ক, নহ’লে বিকল্প কৰ্মচাৰী সাজু

সংবাদ মেল

গুৱাহাটীত বৃহস্পতিবাৰে জি ভি কে- ই এম আৰ আইৰ মুখ্য কাৰ্যবাহী সঞ্চয় কুমাৰ ঝাৰ সংবাদমেল।ফটো : নৰ্থইষ্ট নাও

ৰাজ্যত জৰুৰীকালীন স্বাস্থ্য সেৱা আগ বঢ়াই অহা ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীসকলে শোষণ-বঞ্চনাৰ অভিযোগ তুলি বুধবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি আৰম্ভ কৰাৰ পিছত জি ভি কে – ই এম আৰ আই কৰ্তৃপক্ষই আজি এক সংবাদমেল যোগে আন্দোলনকাৰীসকলক সকীয়নি দিয়ে।

ৰাজ্যিক শ্ৰম আয়োগে যোৱা ৩০ জানুৱাৰিত Industrial Employment (Standing Order) Act 1946ৰ অধীনত দিয়া নিৰ্দেশনা অমান্য কৰি কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ অনাৰ লগতে ৰাজ্যত জৰুৰীকালীন স্বাস্থ্য সেৱা আগ বঢ়াই অহা ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীসকলে শোষণ-বঞ্চনাৰ অভিযোগ তুলি বুধবাৰৰ পৰা পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰিছে।

আজি জি ভি কে – ই এম আৰ আই কৰ্তৃপক্ষৰ ফালৰ পৰা সংবাদমেলত ইয়াৰ মুখ্য কাৰ্যবাহী সঞ্জয় কুমাৰ ঝাই কয় যে মৃত্যুঞ্জয় সেৱা বন্ধ কৰা মানে মানুহৰ জীৱনৰ লগত হেতালি কৰা, গতিকেই কোনোপধ্যেই এই সেৱা বন্ধ হ’বলৈ দিয়া নহয়।

তেওঁ ধৰ্মঘট কৰা কৰ্মচাৰীসকলক ২৪ ঘন্টা সময়সীমা বান্ধি দিয়ে। অন্যথা জি ভি কে কৰ্তৃপক্ষই তেওঁলোকৰ ঠাইত নতুনকৈ অন্য ৩০০০ কৰ্মচাৰীক নিযুক্তি দিবলৈ বাধ্য হ’ব।

সংবাদমেলত ঝাই জানিবলৈ দিয়ে যে ইতিমধ্যে ৰাজ্যত ২৩৫ খন ১০২ আদৰণি বাহন চলি আছে আৰু ৮০ জন নতুন প্ৰশিক্ষিত ড্ৰাইভাৰ আৰু ডাক্তৰ ইয়াত সংযোগ কৰা হৈছে। তেওঁলোকে আজিৰ পৰা কাম আৰম্ভ কৰিছে।

ঝাই কয় যে মেনেজমেন্টে সকলো দাবী পূৰণ কৰাৰ পাছতো তেওঁলোকে ৫ ছেপ্তেম্বৰৰ পৰা ধৰ্মঘট কৰিছে। ২০১৪, ২০১৫, ২০১৬, ২০১৭ চনত তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিছিল। আনহাতে, ২০১৮ চনৰ বকেয়া ধন ছেপ্তেম্বৰ মাহৰ দৰমহাৰ সৈতে প্ৰদান কৰা হ’ব বুলি কোৱা হৈছিল কৰ্মচাৰীসকলক। কিন্তু তাৰ পাছতো তেওঁলোক ধৰ্মঘটত বহাৰ বাবে সাধাৰণ ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে।

তেওঁ লগতে কয় যে ৰাজ্যৰ মৃতুঞ্জয়ৰ কৰ্মচাৰীসকলে ৩৮০ খন এম্বুলেন্সৰ চাবি, মোবাইল ফোন ইত্যাদি হস্তক্ষেপ কৰি লৈছিল। কিন্তু তেওঁলোকৰ হাতত সেইবোৰৰ ডুপ্লিকেট চাবি আছে।

ইপিনে বুধবাৰে ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ সময়ত এখনো ১০৮ বাহন নাছিল তথা নৌকা ১০৮ সেৱাও চলা নাছিল।

এই সম্পৰ্কত ঝাই কয়, “এখন ১০৮ নৌকা এম্বুলেন্স উত্তৰ গুৱাহাটীত আছিল যদিও এতিয়া সেইখন নাই। ৩ খন মাজুলীত আছে, ১ খন দক্ষিণ শালমৰাত আছে।