অশান্ত শ্ৰীলংকা! বিক্ষোভকাৰীয়ে জ্বলাই দিলে মহিন্দা ৰাজপাক্ষেৰ পৰিয়ালৰ পৈতৃক ঘৰ

ফটো: সংগৃহীত।

অৰ্থনৈতিক সংকট সমাধানত ব্যৰ্থ হোৱাৰ বাবে শ্ৰীলংকাৰ জনসাধাৰণ চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ উঠিছে। ৰাজপাক্ষে পৰিয়ালৰ সদস্যসকলে দীৰ্ঘদিন ধৰি শ্ৰীলংকাত চৰকাৰৰ নেতৃত্ব দি আহিছে। গতিকে বিত্তীয় সংকটৰ বাবেও তেওঁলোককে সমালোচনা কৰা হৈছে।

প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেই সোমবাৰে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীনহৈ কনিষ্ঠ ভাতৃ তথা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিছিল।

লগতে পঢ়ক: নিহত ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি ৪ জন ভাৰতীয়ই লাভ কৰিলে পুলিৎজাৰ বঁটা

বাতৰি অনুসৰি, ইয়াৰ কেইঘণ্টামানৰ পিছত, হাম্বানটোটাত ৰাজপাক্ষেৰ পৈতৃক ঘৰত অগ্নিসংযোগ কৰা হয়।

ভিডিঅ’ ফুটেজত দেখা গৈছে যে হাম্বানটোটাৰ মেদামুলানাত ৰাজপাক্ষে পৰিয়ালৰ পৈতৃক ঘৰটো জ্বলি আছে। মহিন্দা আৰু গোটাবায়াৰ দেউতাকৰ স্মৃতিত নিৰ্মাণ কৰা স্মাৰকটোও ভাঙি পেলোৱা হৈছে।

আনহাতে, কুৰুনেগালাত মহিন্দা ৰাজপাক্ষেৰ ঘৰতো অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: ই-লোকপিয়ল: সলনি হ’ব পৰৱৰ্তী লোকপিয়লৰ প্ৰক্ৰিয়া; অমিত শ্বাহৰ বৃহৎ ঘোষণা

ইয়াৰ পূৰ্বে মহিন্দা ৰাজপাক্ষেৰ সমৰ্থকসকলে চৰকাৰ বিৰোধীৰ ওপৰত আক্ৰমণ চলায় য’ত কেইবাজনো লোক আহত হৈছিল। ইয়াৰ পিছতে চৰকাৰ বিৰোধীসকল  অধিক ক্ষুব্ধ হৈ পৰে আৰু প্ৰতিবাদে হিংসাত্মক ৰূপ লয়। বিক্ষুব্ধ প্ৰতিবাদকাৰীসকলে কেইবাজনো মন্ত্ৰী আৰু আইন প্ৰণেতাৰ সম্পত্তিও ধ্বংস কৰে।