প্ৰতিবাদীয়ে গুৰুলা গুৰুলকৈ পিটিলে বিজেপি বিধায়কক, ক’লা চিঁয়াহী মাৰিলে গালৈ, ক’ত?

এদল কৃষকে এজন বিজেপি বিধায়কক আগুৰি ধৰে আৰু গুৰুলা গুৰুলকৈ পিটন দিয়ে।

বিধায়কজনৰ কাপোৰ ফালি তেওঁৰ গালৈ কলা চিঁয়াহী মৰা হয়।

ঘটনাটো সংঘটিত হৈছে শনিবাৰে পঞ্জাৱৰ মুক্তছাৰ জিলাৰ মালোট নামৰ ঠাইখনত।

আবহাৰ সমষ্টিৰ বিজেপি বিধায়ক অৰুণ নাৰাঙ আৰু স্থানীয় পালিনেতাসকলক এখন সংবাদমেল সম্বোধন কৰিবলৈ যোৱা অৱস্থাত ঠাইখনৰ এটা প্ৰতিবাদী কৃষকৰ দলে আগুৰি ধৰে।

প্ৰতিবাদীসকলে ঠাইখনৰ বিজেপি কাৰ্যালয়ৰ সমুখত বিধায়কজন আহি পোৱালৈ ৰৈ আছিল।

অহাৰ লগে লগে, প্ৰতিবাদী কৃষকসকলে তেওঁলৈ ক’লা চিয়াঁহী নিক্ষেপ কৰে আৰু গাড়ীতো দাগ লগায়।

তাৰপাছতে  আৰক্ষীয়ে বিধায়ক আৰু পালিনেতাকেইজনক কাষৰ দোকান এখনলৈ লৈ যায় আৰু সুৰক্ষাপ্ৰদান কৰে।

কিন্তু অলপ পাছত যেতিয়া তেওঁলোক দোকানখনৰ পৰা ওলাই আহে, আৰক্ষীৰ অভিযোগ অনুসৰি প্ৰতিবাদীসকলে তেওঁলোকক মাৰধৰ কৰে আৰু বিধায়কজনৰ কাপোৰ ফালিবলৈ ধৰে।

লগে লগে আৰক্ষীয়ে বিধায়কজনক সুৰক্ষিত স্থানলৈ লৈ যায়।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭কে (হত্যাৰ চেষ্টা) ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

বৰ্তমান ২৫০ৰ পৰা ৩০০ জন প্ৰতিবাদী কৃষকেৰে গঠিত দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে অনুসন্ধান চলাই আছে।

পঞ্জাৱৰ আটাইকেইটা প্ৰধান ৰাজনৈতিক দলেই ঘটনাটোক গৰিহণা জনাইছে।

শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদলে আৰক্ষীয়ে জনপ্ৰতিনিধিক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ সিঙে  কয় যে ঘটনাটোৰ আঁৰত আছে ৰাজ্যখনৰ শাসনাধীষ্ঠ কংগ্ৰেছ চৰকাৰ।

সিঙে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পদত্যাগৰ দাবী কৰে।

কংগ্ৰেছ নেতা সুনীল জখৰে ঘটনাটোক ‘আইনবিৰুদ্ধ’ বুলি অভিহিত কৰি কৈছে যে এনেধৰণৰ ঘটনা গণতন্ত্ৰত শোভা নাপায় আৰু ই কৃষক আন্দোলনক দুৰ্বল কৰিব।

আনহাতে, সংযুক্ত কিষাণ মৰ্চা (এছকেএম) নেতা দৰ্শন পলে ঘটনাটোক গৰিহণা জনাই কৈছে যে তেওঁৰ সংগঠনে এনেধৰণৰ ঘটনাক উৎসাহিত নকৰে আৰু সকলো প্ৰতিবাদকাৰীয়ে সুস্থ আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব লাগে।