বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত উত্তৰ-পূবত প্ৰবল প্ৰতিবাদ হৈয়ে থাকিব : মানিক সৰকাৰ

MANIKSARKAR

ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত উত্তৰ-পূবত প্ৰবল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পাছতো বিজেপিয়ে এই প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰি কেবল ভোটৰ স্বাৰ্থত হিন্দু বাংলাদেশী লোকক সংস্থাপন দিবলৈ বিচৰা কাৰ্যক ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ লগতে বিধেয়কখন বাতিল নকাৰ পৰ্যন্ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলি থাকিব বুলি কোৱাৰ উপৰি উত্তৰ-পূবত আন্দোলন আৰু অধিক তীব্ৰতৰ হৈ উঠিব বুলিহে তাৎপৰ্যমূলক মন্তব্য কৰে বৰ্ষীয়ান বাওঁপন্থী নেতা মানিক সৰকাৰে।

বিধেয়কখনৰ বিৰুদ্ধে ৪ ফেব্ৰুৱাৰি অৰ্থাৎ সোমবাৰে আয়োজন কৰা এক প্ৰতিবাদী সমদলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অংশ লৈ কয় যে যদি এই বিধেয়কখন আইনত পৰিণত হয় তেন্তে ভাৰতীয় সংবিধানক সম্পূৰ্ণৰূপে অৱমাননা কৰা হ’ব।

প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ পাছতো বিজেপিয়ে সেই প্ৰতিবাদক আওকান কৰি কেবল নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবেই এই বিধেয়কখন গৃহীত কৰি আইনত ৰূপান্তৰিত কৰিব ওলোৱা বুলিও মন্তব্য কৰে সৰকাৰে।

২০ বছৰ কাল ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা মানিক সৰকাৰে কয়, ‘ইংৰাজে এবাৰ দেশ বিভাজন কৰিছিল। কিন্তু এতিয়া ভাৰতীয় সংবিধানৰ ‘ধৰ্মনিৰপেক্ষ’ শব্দটোক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি নতুনকৈ দেশখন বিভাজন কৰাৰ বাবে কিছু সংখ্যক লোকে চেষ্টা চলাই আছে’।

তেওঁ লগতে কয়, ‘উত্তৰ-পূবৰ সকলো জাতি, ধৰ্ম নিৰ্বিশেষে সকলোৱে শান্তিত জীৱন অতিবাহিত কৰি আছিল। সন্ত্ৰাস জৰ্জৰিত উত্তৰ-পূবত বহু দশকৰ মূৰত শান্তিৰ পৰিবেশ ঘূৰি আহিছিল। কিন্তু ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতে বিজেপিয়ে এতিয়া উত্তৰ-পূবৰ শান্তি বিঘ্নিত কৰাত উঠি পৰি লাগিছে’।