অসহায় ইউক্ৰেইন: ইউৰোপীয়ান ইউনিয়নক সমৰ্থনৰ প্ৰমাণ দিবলৈ আহ্বান ইউক্ৰেইন ৰাষ্ট্ৰপতিৰ

Russia-Ukraine War

ৰাছিয়াৰ আক্ৰমণৰ আগমুহূৰ্তলৈকে আমেৰিকা তথা ইউৰোপীয়ান ইউনিয়নৰ সমৰ্থনপুষ্ট ইউক্ৰেইন ৰাছিয়াৰ আক্ৰমণৰ পিছতেই কাৰ্যক্ষেত্ৰত হৈ পৰিল অকলশৰীয়া।

ৰাছিয়াৰ আক্ৰমণত দিশহাৰা ইউক্ৰেইনে এতিয়া অকলেই যুঁজিছে ৰাছিয়াৰ শক্তিশালী বাহিনীৰ সৈতে। যুদ্ধবিধস্ত ইউক্ৰেইনত এতিয়া কেৱল যুদ্ধৰ বিভীষিকা।

আমেৰিকা, ইউৰোপীয়ান ইউনিয়নকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ পৰা মৌখিক সমৰ্থন লাভ কৰিলেও এইবাৰ কাৰ্যক্ষেত্ৰত এই সমৰ্থন প্ৰমাণ কৰিবলৈ ইউৰোপীয়ান ইউনিয়নক আহ্বান জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।

ৰাছিয়াৰ সৈতে এই যুদ্ধৰ সময়ত ইউৰোপীয়ান ইউনিয়ন যে ইউক্ৰেইনৰ সৈতে আছে এই কথা প্ৰমাণ কৰিবলৈ আহ্বান জনাই জেলেনস্কিয়ে কয়, “ইউৰোপীয় ইউনিয়ন আমাৰ সৈতে অধিক শক্তিশালী হ’ব, সেয়া নিশ্চিত।”

এক ভিডিঅ’ বাৰ্তাৰ দ্বাৰা জেলেনস্কিয়ে ইউৰোপীয় সংসদক কয়, “ইউৰোপীয়ান ইউনিয়নৰ অবিহনে ইউক্ৰেইন অকলশৰীয়া হ’ব। প্ৰমাণ কৰক যে আপোনালোক আমাৰ সৈতে আছে। প্ৰমাণ কৰক যে আপুনি আমাক এৰি নিদিব।”

উল্লেখ্য যে সোমবাৰে দুয়োপক্ষৰ মাজত আলোচনা ব্যৰ্থ হোৱাৰ পিছত আজিও অব্যাহত আছে যুদ্ধ। ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা যুদ্ধত ৰাছিয়াৰ ৰকেট আক্ৰমণত ৭০ জনতকৈও অধিক ইউক্ৰেইনৰ সৈনিক নিহত হোৱাৰ লগতে গুলীবৰ্ষণত শতাধিক নাগৰিকৰ মৃত্যু হৈছে।

আনহাতে এক বিবৃতিত কিয়েভে কয় যে যোৱা বৃহস্পতিবাৰে আক্ৰমণ আৰম্ভ হোৱাৰ পৰা ১৪ টা শিশুসহ ৩৫২ জন ইউক্ৰেনিয় নাগৰিক নিহত হৈছে।

ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱাৰ পৰা আধা নিযুতৰো অধিক লোকে ইউক্ৰেইনৰ পৰা পলায়ন কৰিছে বুলি ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী শাখাই সদৰি কৰিছে।