এইচডিএফচি বেংকৰ গ্ৰাহকে লাভ কৰিব এপ’ল’ হাস্পতালৰ পৰা মান বিশিষ্ট স্বাস্থ্য সেৱা! পিছে কেনেকৈ ?

index.jpga

একক প্ৰচেষ্টাত দেশত প্ৰথমবাৰ অগ্ৰণী বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংক আৰু আগশাৰী চিকিৎসালয় এপ’ল’ হাস্পাতাল এক হৈ ‘স্বাস্থ্যকৰ জীৱন কাৰ্যসূচী’ আৰম্ভ কৰিছে।

সহজসাধ্য চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে বুলি জনাইছে দুযোটা প্রিতিষ্ঠানে।

এই সেৱা অনুসৰি এপ’ল’ৰ ডিজিটেল প্লেটফর্ম এপ’ল’ ২৪/৭এ স্বাস্থ্য জীৱন আৰু সহজসাধ্য স্বাস্থ্য সেৱাৰ সমাধান আগবঢ়োৱাত সদাপ্ৰস্তুত থাকিব আৰু ইয়াক বিশেষভাৱে এইচডিএফচি বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে বুলি জনাইছে দুয়োটা প্ৰতিষ্ঠানে।

বেংকৰ গ্ৰাহকসকলে সকলো সময়তে বিনামূলীয়াকৈ এপ’ল’ ২৪x৭ প্লেটফর্মৰদ্বাৰা হাস্পাতালখনৰ জৰুৰীকালীন চিকিৎসকৰ সেৱা লাভ কৰিব পাৰিব। লগতে সকলো এপ’ল’ হাস্পাতালত চিকিৎসাৰ বাবদ মাচুল পৰিশোধ বিকল্প আৰু বিত্তীয় সহযোগিতা লাভ কৰিব। যাৰ দ্বাৰা এইচডিএফচি বেংকৰ গ্ৰাহকসকল চিকিৎসা লাভৰ ক্ষেত্ৰত উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।

আজি এই কাৰ্যসূচী ডিজিটেল মাধ্যমৰে মুকলি কৰে এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰী, এপ’ল’ হাস্পাতাল গ্রুপৰ সঞ্চালক ডাঃ প্ৰতাপ চি ৰেড্ডী (Dr.Prathap C Reddy), কাৰ্যবাহী উপ-সঞ্চালক শোভনা কামিনেনী আৰু এইচডিএফচি বেংকৰ এমডি শশিধৰ জগদিশনে।

ইফালে প্ৰতিষ্ঠান দুটাই জনোৱা মতে দেশৰ প্ৰায় ৪০ শতাংশ লোক কেৱল এপ’ল’ ফাৰ্মাচীৰ পৰা মাত্ৰ ৩০ মিনিট বাটৰ দূৰত্বত থকাৰ বিপৰীতে দেশৰ ৮৫ শতাংশৰো অধিক জিলাত এইচডিএফচি বেংকৰ শাখাই সেৱা প্ৰদান কৰি আছে। দুয়োটা প্ৰতিষ্ঠানে আৰম্ভণিতে ৬৫ নিযুত লোকক সেৱা প্ৰদানৰ ক্ষমতা লাভৰ অভিজ্ঞতা আছে। এই যাত্ৰা আৰু বহল পৰিসৰলৈ আগুৱাই নিব বিচাৰিছে তেওঁলোকে।

‘এখন সুস্থ ভাৰত গঢ়ি তোলাৰ এইটো প্ৰথম বাস্তৱ সন্মত পদক্ষেপ হ’ব। মোৰ বাবে এয়া চমু স্বাস্থ্য অভিযান হ’ব, যাৰ দ্বাৰা দেশৰ নিযুত সংখ্যক লোকে গুণসম্পন্ন স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব। ইয়ে দেশত এক নতুন জনজাগৰণৰ সৃষ্টি কৰিব। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় এই কাৰ্যসূচী আৰম্ভ কৰিছে। স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰ দ্বাৰা সকলোৰে বাবে স্বাস্থ্য সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। এই অভিযান আৰম্ভ কৰি সুখী আৰু গৌৰৱবোধ অনুভৱ কৰিছোঁ।’ এনেদৰে কয় এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰীয়ে।

আনহাতে এপ’ল’ হাস্পাতাল গ্রুপৰ সঞ্চালক ডাঃ প্ৰতাপ চি ৰেড্ডীয়ে কয় যে ‘এইচডিএফচি বেংকৰ সৈতে অংশীদাৰ হ’বলৈ পায় আনন্দিত হৈছোঁ। এপ’ল ২৪x৭ এ সকলো সময়তে এপ’ল’ৰ বিশ্বমানৰ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা সেৱা সমন্ধীয় পৰামৰ্শ আগবঢ়াই আহিছে। মই নিশ্চিত যে এই এছ’চিয়েছনে আমাৰ দেশৰ স্বাস্থ্য সেৱা আৰু বিত্তীয় দুয়োটা খণ্ডতে ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীৰ লক্ষ্যই হৈছে সুস্থ ভাৰত গঢ়াৰ।’