NORTHEAST NOW (Assamese)

মাধৱী পুৰি বুচ কেলেংকাৰী প্ৰসংগ; বিত্তীয় অনিয়মৰ পৰ্যালোচনাৰ বাবে ছেবিক চমন PACৰ

October 6, 2024 10:51 am · এন ই নাও নিউজ, গুৱাহাটী
বিত্তীয় অনিয়মৰ অভিযোগত ছেবিক চমন জাৰি কৰিছে সংসদীয় ৰাজহুৱা হিচাপ সমিতিয়ে।

বিগত কেইমাহমানৰ পৰা দেশৰ ৰাষ্ট্ৰীয় শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। একাধিক বিত্তীয় অনিয়মৰ অভিযোগত সংসদীয় ৰাজহুৱা হিচাপ সমিতি বা পিএচিয়ে ছেবিক চমন জাৰি কৰিছে। সংসদৰ ৰাজহুৱা হিচাপ সমিতিয়ে সেই সংস্থাটোত কেনেদৰে কাম-কাজ চলি থাকে তাৰ তদন্ত কৰিব বিচাৰিছে।

২৪ অক্টোবৰত এই সন্দৰ্ভত PAC (Public account committee)ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। শেহতীয়াকৈ দেশৰ শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ মুৰব্বী মাধৱী পুৰি বুচৰ বিৰুদ্ধে জালিয়াতিৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে। এই প্ৰেক্ষাপটতে সংসদীয় সমিতিয়ে ছেবিক পুনৰীক্ষণ বৈঠকৰ বাবে মাতিছে।

কেৱল ছেবিয়েই নহয়, পিএচিয়ে ট্ৰাইৰ সঞ্চালক অনিল কুমাৰ লাহোতি বা তেওঁৰ যিকোনো প্ৰতিনিধিকো চমন কৰিছে। যোৱা আগষ্ট মাহত ছেবি মুৰব্বী মাধৱী পুৰি বুচৰ আদানীৰ বিভিন্ন কোম্পানীত বৃহৎ অংশীদাৰিত্ব থকা বুলি জনা গৈছিল।

লগতে পঢ়কঃ বাণিজ্যিক বৈঠকৰ খৰচৰ বাবদ প্ৰায় ডেৰ কোটি অনাদায়! মহাৰাষ্ট্ৰৰ চৰকাৰলৈ আইনী জাননী চুইছ সংস্থাৰ

বিষয়টো পোহৰলৈ অহাৰ লগে লগে দেশৰ ৰাজনীতিত হুলস্থুলৰ সৃষ্টি হয়। কাৰণ ছেবিৰ দৰে ৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত মাধৱী পুৰিৰ দৰে ‘বিতৰ্কিত’ ব্যক্তিক বিৰোধী দলসমূহে মানি ল’ব পৰা নাই। কাৰণ ছেবিৰ দৰে প্ৰতিষ্ঠান এটাই নিৰপেক্ষভাৱে আৰু আইন অনুসৰি কাম কৰাটোৱে সাংবিধানিক।

কিন্তু সেই ক্ষেত্ৰত কংগ্ৰেছকে ধৰি বিৰোধীয়ে আপত্তি কৰিছিল ‘মোডী-ঘনিষ্ঠ’ উদ্যোগপতিজনৰ কোম্পানীটোত অংশীদাৰিত্ব থকাৰ বাবে তেওঁ কিমান নিৰপেক্ষ হৈ থাকিবলৈ সক্ষম হৈছে। লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধীয়ে নিৰ্বাচনী বণ্ডৰ গোচৰত ছেবি আদালতৰ লগতে ছেবিৰো কাষ চাপিছিল।

কেইবাটাও সংগঠনে ছেবিৰ অধীনস্থ নিৰ্বাচনত হোৱা বিত্তীয় অনিয়মৰ তদন্তৰ আহ্বান জনায়। আনকি তেতিয়াৰ আমেৰিকাৰ এজেন্সী হিণ্ডেনবাৰ্গেও মাধৱী পুৰিৰ বিষয়ে এনে তথ্য ফাদিল কৰা নাছিল। এই কথা পোহৰলৈ অহাৰ লগে লগে মোডী চৰকাৰ অধিক চাপত পৰিবলগীয়া হ’ল।

লগতে পঢ়কঃ অসম সন্মিলিত মৰ্চা কৰা হ’ল অসমৰ বিৰোধী মঞ্চৰ নাম; ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ প্ৰস্তুতি!

এইবাৰ ট্ৰাইৰ সৈতে পিএচিৰ পৰ্যালোচনাৰ বাবে ছেবিক মতাটোৱে মোডী চৰকাৰৰ উদ্বেগ বঢ়াব বুলিয়েই ভাবিছে ৰাজনৈতিক মহলে। কাৰণ PAC ৰ দৰে সমিতিত বিৰোধী সাংসদৰ উপস্থিতি থাকিব। ৰাজনৈতিক মহলে অনুভৱ কৰিছে যে ছেবি বিষয়াৰ ওপৰত কৰা পৰ্যালোচনাই কেন্দ্ৰক অস্বস্তিত পেলাব। 

Related News