বিশ্বনাথৰ এটা ৰাজপথত হুৱাদুৱা,মাছ ধৰাৰ বাবে ওলাই আহিল ৰাইজ

মাছৰ পৰিৱৰ্তে উঠিল শিলগুটিহে!

dog

*

হঠাৎ বিশ্বনাথত এটা বিশেষ অঞ্চলত উঠিল মাছৰ উজান ৷

হাতত জাল,জুলুকি,চেপাঁ লৈ মাছ ধৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ ৷ কিন্তু মাছৰ পৰিৱৰ্তে উঠিল শিলগুটিহে!

ৰ’ব, দৰাচলতে এয়া কোনো পুখুৰী বা বিলৰ কথা নহয় ৷ এইটো হৈছে বিশ্বনাথৰ মাজ-মজিয়াত থকা ১৫নং ৰাষ্ট্ৰীয় ঘাঁই পথৰ শান্তিপুৰৰ ৫ নং আৰু ১০নং ৱাৰ্ড তথা সদা ব্যস্ত নটসূৰ্য ফণী শৰ্মা পথ ৷চৰকাৰৰ উদাসীনতাৰ বাবেই ৰাইজে আজি পথটোত মাছ মাৰি প্ৰতীকী প্ৰিবাদ সাৱস্ত্য কৰে।

পথটোৰ দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ! পথৰ মাজত বৃহৎ বৃহৎ গাঁত ৷ মাত্ৰ এজাক বৰষুণতে পথটো হৈ পৰে পুখুৰী সদৃশ ৷ কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ ৷

আজি বিগত ৫/৬বছৰে শান্তিপুৰৰ ৫ আৰু ১০ নং ৱাৰ্ডৰ বাসিন্দাসকলে ভুগি আহিছে এই যাতনা ৷

ৰাইজৰ ক্ষোভ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰক বহুবাৰ অনুৰোধ কৰাৰ পাছতো বিগত ৫ বছৰে মিছা আশাৰে ঠগিলে ৷

ইফালে, এই বোকাময়,নৰ্দমাৰ দৰে হৈ পৰা  পথটোৰে বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়লৈ প্ৰায় ৪০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰে ৷

এতিয়া স্থানীয় ৰাইজে চৰকাৰ কিম্বা স্থানীয় বিধায়কজনলৈ এটাই দাবী —অতি সোনকালে পথটো নিৰ্মাণ কৰি ৰাইজক সকাহ দিব লাগে!