১১৭ বছৰীয়া পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমাত আৰম্ভ দুৰ্গা পূজা

পুৰনিগুদামৰ কাঠৰ দুৰ্গা.ফটো

পুৰনিগুদামৰ কাঠৰ দুৰ্গা। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ পুৰণিগুদামতো শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰৰ অমৰ সৃষ্টি পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমাখনিত শাৰদীয় দুৰ্গা পূজা আৰম্ভ হৈছে।

১৩৪ বছৰীয়া পুৰণি পুৰণিগুদামৰ পূজাভাগত এইবাৰ ১১৭ বছৰ পূৰ্ণ হোৱা কাঠৰ দুৰ্গা প্ৰতিমাখনি সজাই পৰাই ৰং কৰি নতুন বস্ত্ৰ পৰিধান কৰাই সম্পূৰ্ণ কৰি তুলিছে লেৰেলা খনিকৰৰ আজো নাতি শিল্পী যোগেন্দ্ৰ শৰ্মাই৷

পূজাৰ দুদিন পূৰ্বে সম্পূৰ্ণ ৰং কৰি সজাই তোলাৰ পাছত ষষ্ঠীৰ দিনা পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হয় প্ৰতিমাখনি। সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই কাঠৰ প্ৰতিমাখনিৰ শিল্পীগৰাকীৰ মহান সৃষ্টিক দেশী-বিদেশী পৰ্যটক তথা ভক্তপ্ৰাণ ৰাইজে শলাগ লৈ আহিছে।

১৮৮৫ চনৰে পৰা ইতিহাসপ্ৰসিদ্ধ এই পূজাভাগ নিৰৱচ্ছিন্নভাৱে অনুষ্ঠিত হৈ আহিছে যদিও পুৰণিগুদামত প্ৰথম দুৰ্গাপূজা কলকতাৰ আৰ্হিত ১৮৬৩ চনতে আৰম্ভ হৈছিল৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কলঙৰ পাৰত বৰ্তমান পূজামণ্ডপ নিৰ্মাণ হোৱাৰ পূৰ্বে পুৰণিগুদাম গায়ন বৈৰাগীচুক গাঁৱৰ বৰনামঘৰৰ কাষৰ পৰা যাত্ৰা আৰম্ভ কৰা পূজাভাগ অস্থায়ী মণ্ডপে- মণ্ডপে বহু ঠাই বাগৰিছিল।

ক্ৰমাগতভাৱে পূজা-অৰ্চনাত অঞ্চলটোৰ সকলো লোকৰ শ্ৰদ্ধা ভক্তি আৰু সহযোগিতা বৃদ্ধি পোৱাত পূজাভাগ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈ অৰ্থাৎ পুৰণিগুদাম টাউনলৈ স্থানান্তৰ কৰা হৈছিল। কাৰুশিল্পীৰ দৃষ্টিনন্দন ভাস্কৰ্য কলাৰে সমৃদ্ধ কাঠৰ দুৰ্গা প্ৰতিমা পুৰণিগুদামত লেৰেলা খনিকৰে প্ৰস্তুত কৰি উলিওৱাৰ অন্তৰালত ৰহস্য নথকা নহয়৷

পুৰণিগুদামৰ এই ঐতিহ্যমণ্ডিত পূজাভাগ প্ৰথম অৱস্থাত মাটিৰ প্ৰতিমাৰ দ্বাৰা অনুষ্ঠিত কৰি অহা হৈছিল। কিন্তু মাটিৰ প্ৰতিমা ক্ৰয় কৰাৰ ক্ষেত্ৰত অভাৱ-অনাটনত জুৰুলা পুৰণিগুদামবাসীৰ কাৰণে সমস্যা হৈ পৰিছিল। কিন্তু সেই সময়তে পুৰণিগুদামৰ প্ৰাতঃস্মৰণীয় পুৰুষসকলৰ অন্যতম লেশধৰ শৰ্মা নামৰ মহান শিল্পীজনে সেই সমস্যা দূৰ কৰি নিজহাতে মাটিৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি পূজা- অৰ্চনা কৰাত সহায় কৰিছিল৷

কিন্তু পূজা-অৰ্চনাৰ পাছত বিজয়া দশমীত প্ৰতিমা বিসৰ্জন দিয়া বিষয়টোৱে শিল্পীজনক বাৰুকৈয়ে দুখ দিছিল৷ ফলস্বৰূপে ১৯০০ চনৰ পৰা আৰম্ভ কৰি ১৯০১ চনত সুদীৰ্ঘ এটা বছৰৰ চেষ্টাৰ অন্তত লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে নিৰ্মাণ কৰি উলিয়াইছিল বেল কাঠৰ দুৰ্গা প্ৰতিমা৷

বিশেষ উন্নতমানৰ সা-সঁজুলি নোহোৱাকৈ কেৱল দা কুঠাৰ, কটাৰী আৰু চাচেৰে অতি কষ্টৰে নিখুঁতভাৱে তৈয়াৰ কৰিছিল অমৰ সৃষ্টি কাঠৰ দুৰ্গা প্ৰতিমা। গঢ়ি উঠিছিল শাস্ত্ৰসন্মত অংগী-ভংগীৰ লগতে হাতৰ আঙুলি, মূৰ্তিৰ দৈহিক গঠন, যেন মূৰ্তি নহয় জীৱন্ত দশভূজা দুৰ্গা, লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিকৰ উপৰি বাহনসমূহ সিংহ, ফেঁচা, ৰাজহাঁহ, নিগনি, ময়ূৰপক্ষী আৰু মহিষাসুৰ৷

চালে-চকুৰোৱা শিল্পীৰ সৃষ্টি কাঠৰ প্ৰতিমাৰ যোৰাবোৰ দৃষ্টিত ধৰা নপৰা নিখুঁত আৰু নিমজ। পুৰণিগুদাম তথা নগাঁওবাসীৰ কাৰণে গৌৰৱৰ বিষয়বস্তু হৈ পৰা পুৰণিগুদামৰ কাঠৰ দুৰ্গা প্ৰতিমাৰ পূজাভাগত প্ৰতিবছৰে বাঢ়ি যোৱা ভক্তপ্ৰাণ ৰাইজৰ ভিৰে এটা কথা প্ৰতিপন্ন কৰিছে যে প্ৰয়াত লেশধৰ শৰ্মাৰ সৃষ্টি কাঠৰ দুৰ্গা প্ৰতিমাত শাৰদীয় বতৰত এবাৰ মূৰ নোদোৱাকৈ থাকিব নোৱাৰে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে।