NORTHEAST NOW (Assamese)

ইতিহাস ৰচনা কৰিলে যোদ্ধা পূজা টোমাৰে : প্ৰথমবাৰৰ বাবে UFC জয়ী হ’ল এগৰাকী ভাৰতীয় যোদ্ধা

June 10, 2024 6:57 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

আলটিমেট ফাইটিং চেম্পিয়নশ্বিপ চমুকৈ ‘ইউএফচি’ত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় যুঁজাৰু হিচাপে ইতিহাস ৰচিলে পূজা টোমাৰে। ২০২৪ চনৰ ইউ এফ চি লুইছভিলত ব্ৰাজিলৰ ৰায়ানে ডছ ছান্টোছক পৰাস্ত কৰি এই ইতিহাস ৰচনা কৰে পূজাই।

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰ্নগৰৰ পূজাই ইতিমধ্যে যোৱা বছৰ ইউ এফ চিৰ চুক্তি লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে শিৰোনাম দখল কৰিছিল। মহিলাৰ ষ্ট্ৰ’ৱেট বিভাগত প্ৰথমবাৰৰ বাবে যুঁজত তেওঁ ৩০-২৭, ২৭-৩০, আৰু ২৯-২৮ৰ স্ক’ৰেৰ দ্বাৰা বিভক্ত সিদ্ধান্তৰে জয়লাভ কৰে।

প্ৰথম ৰাউণ্ডত শক্তিশালী বডি কিকেৰে পূজাই আধিপত্য বিস্তাৰ কৰাৰ ফলত ডছ ছান্টোছৰ আঘাতপ্ৰাপ্ত হৈ পৰে। অৱশ্যে দ্বিতীয় ৰাউণ্ডত ডছ ছান্টোছে জয়লাভ কৰে। উষ্ণ যুদ্ধত দুয়োগৰাকী যোদ্ধাই শক্তিশালী কিক বিনিময় কৰে। অন্তিম ৰাউণ্ডত পূজাৰ নিৰ্ণায়ক পুছ কিক নকডাউনে পূজাৰ জয় নিশ্চিত কৰে।

এই ঐতিহাসিক জয়ৰ পিছত পূজাই এই মুহূৰ্তটো ভাৰতীয় যুঁজাৰু আৰু এম এম এ অনুৰাগীসকলৰ বাবে উৎসৰ্গা কৰে।

জয়ৰ পিছত পূজাই কয়, ‘মই বিশ্বক দেখুৱাব বিচাৰো যে ভাৰতীয় যোদ্ধাসকল দুৰ্বল নহয়। আমি অতি সোনকালে ইউ এফ চি চেম্পিয়ন হ’ম!”

Related News