• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদৰ ‘অপৰাধ’ত বিদ্যাৰ্থী বহিষ্কাৰ, ছয়গাওঁ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ

নিৰ্দেশ বাতিল নকৰিলে আন্দোলনৰ পথ ল’ব এছ এফ আই-এ, বহিষ্কৰণ উঠাই ল’বলৈ অধ্যক্ষক অনুৰোধ শিক্ষাবিদ দীনেশ বৈশ্যৰ।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2019 7:45 pm
Punishment for protest? Assam's Chaygaon College principal expells two students

বহিষ্কৃত দুই ছাত্ৰ-ছাত্ৰী উপাসনা আৰু চন্দন দাস।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মহাবিদ্যালয়বিৰোধী কাৰ্য্য-কলাপ আৰু কলেজৰ নীতি উলংঘা কৰা”ৰ অপৰাধত ছয়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষই চন্দন দাস আৰু উপাসনা দাস নামৰ দুগৰাকী বিদ্যাৰ্থীক বৃহস্পতিবাৰে বহিষ্কাৰ কৰিছে।

কিন্তু শিক্ষা গ্ৰহণৰ অধিকাৰ উল্লেখেৰে ছাত্ৰ-ছাত্ৰীকেইজনে এই বহিষ্কৰণ বাতিলৰ দাবী জনোৱাৰ লগতে অধ্যক্ষ ৰাজু বৰদলৈৰ বিৰুদ্ধে উত্থাপন কৰিছে প্ৰতি-অভিযোগ। চন্দন ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক পঞ্চম ষান্মাষিক আৰু উপাসনাই তৃতীয় ষান্মাষিকত পঢ়ি আছে।

তেওঁলোকৰ মতে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাইৰ দাবীত তেওঁলোকে কৰা আন্দোলনৰ অপৰাধতহে অধ্যক্ষই এই ব্যৱস্থা লৈছে। বিদ্যাৰ্থী সংগঠন এচ এফ আইৰ লগতে তেওঁলোকৰ সৈতে থিয় দিছে একাংশ শিক্ষাবিদ।

“চন্দন দা আৰু মোক নিলম্বন কৰাৰ যি জাননী দিছে, সেই জাননী উঠাই ল’ব লাগে। আমাৰ শিক্ষা গ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে, গতিকে আমাক মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ দিব লাগে। প্ৰতিবাদ কৰাৰ পাছদিনা প্ৰিন্সিপাল ছাৰে মোক ফোন কৰি কলেজলৈ মাতিলে। তেওঁ কৈছিল যে, তুমি কলেজলৈ আহা তোমালোক দুগৰাকীক কলেজৰ পৰা বাহিৰ কৰি দিয়া হৈছে, জাননী দিয়া হৈছে লৈ যোৱা। তেতিয়া মই কলেজলৈ গৈ ছাৰক সুধিলো, জানিব পাৰিম নেকি কি কাৰণে আমাক কলেজৰ পৰা বাহিৰ কৰিলে? তেতিয়া তেওঁ মোক বেয়াকৈ ব্যৱহাৰ কৰিছে। মই এই কাৰণে আচৰিত হৈছো যে কলেজখন আমাৰ ঘৰৰ নিচিনা আৰু ঘৰৰ মুৰব্বীজনে এনেদৰে ব্যৱহাৰ কৰিলে বহুত বয়া লাগে,” গুৱাহাটী প্ৰে’ছ ক্লাবত শুকুৰবাৰে এচ এফ আই-এ আয়োজন কৰা সংবাদমেলত এই মন্তব্য বহিষ্কৃত ছাত্ৰী উপাসনা দাসৰ।

অসমৰ শিক্ষা সঞ্চালকালয়ে যোৱা ২৯ মে’ত জাৰি কৰা এক চাৰ্কুলাৰৰ প্ৰতিবাদত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ গে’টত তলা ওলোমাই দিছিল।

প্ৰতিবাদৰ কথা উল্লেখ কৰি উপাসনাই জনায় যে তেওঁলোকে মহাবিদ্যালয়ৰ অধ্যক্ষৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালকালয়, অসমলৈ ছাত্ৰ-ছাত্ৰীৰ সমস্যা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব খুজিছিল।

“আমি গে’টত তলা ওলোমাই প্ৰতিবাদ কৰিছিলো, এই কথা সত্য। সেই সময়ত মহাবিদ্যালয়ত অধ্যক্ষ নাছিল। আমাৰ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষকে আমাক স্মাৰক পত্ৰখন তেওঁৰ হাতত দিবলৈ কৈছিল। আমি তেওঁৰ হাতত তেতিয়া স্মাৰক পত্ৰ দি আমাৰ আন্দোলন স্থগিত ৰাখিছিলো। পাছদিনা ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰাৰ কথা আছিল। কিন্তু আলোচনা বাদেই, আমাৰ দুগৰাকীকহে মহাবিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়া হ’ল,” উপাসনাই জনায়।

আনহাতে এছ এফ আই-এ ছাত্ৰ-ছাত্ৰী দুজনৰ বহিষ্কাৰৰ নিৰ্দেশ উঠাই লোৱাৰ বাবে দাবী জনাইছে। “অন্যথা স্বৈৰাচাৰী অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব,” সংগঠনটোৰৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে কয়।

সংবাদমেলত উপস্থিত থাকি বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দীনেশ বৈশ্যয়ো ছয়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষৰ কামক “অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী” আখ্যা দিয়ে। এনে কামে “শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ পবিত্ৰ সম্পৰ্কত ঘূণে ধৰায়” বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ আন কেইগৰাকীমান বিশিষ্ট ব্যক্তিসহিতে দুই-এদিনতে মহাবিদ্যালয়খনত উপস্থিত হৈ অধ্যক্ষগৰাকীক বিষয়টো পুনৰ বিবেচনা কৰি ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ বহিষ্কৰণৰ নিৰ্দেশ বাতিল কৰিবলৈ অনুৰোধ কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd