ভাৰত বিৰোধী পোষ্টক সমৰ্থন কৰাৰ বাবে শাস্তি! শিলচৰ এনআইটিত অধ্যয়নৰত বাংলাদেশী ছাত্ৰক দেশলৈ প্ৰত্যাৱৰ্তন

ভাৰত বিৰোধী পোষ্টৰ প্ৰতিক্ৰিয়া লাভ কৰিছে এজন ভাৰতত অধ্যয়নৰত বাংলাদেশী ছাত্ৰই। এই ‘অপৰাধ’ৰ বাবে দেশলৈ প্ৰেৰণ কৰা হয় বাংলাদেশী ছাত্ৰজনক। অসমস্থিত নেচনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ এজন ছাত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে৷

বাংলাদেশী ছাত্ৰজন এন আই টি শিলচৰৰ ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন বিভাগৰ ছাত্ৰী। শেহতীয়াকৈ তেওঁ বাংলাদেশৰ ৰাজশাহী বিশ্ববিদ্যালয়ৰ ভাৰত বিৰোধী পদ এটাক ‘প্ৰেম’ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমৰ্থন আগবঢ়াইছিল। ইয়াৰ পাছত সোমবাৰে কৰ্তৃপক্ষই তেওঁক পুনৰ বাংলাদেশলৈ প্ৰেৰণ কৰে। অৱশ্যে কাছাৰ আৰক্ষী বিষয়া নুমল মহটে দাবী কৰে যে ছাত্ৰজনক বহিষ্কাৰ কৰা হোৱা নাছিল, বৰঞ্চ বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ অন্তত তেওঁক দেশলৈ প্ৰেৰণ কৰা হৈছিল।

মঙলবাৰে সংবাদ সংস্থাটোক নুমলে কয় যে, “ছ’চিয়েল মিডিয়াত মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ ভাৰত বিৰোধী পোষ্টক ছাত্ৰজনে সমৰ্থন কৰিছিল।” সেই ছাত্ৰজনো বাংলাদেশী। পঢ়া-শুনা সমাপ্ত কৰি ছমাহ পূৰ্বে ভাৰত এৰি থৈ গৈছিল। বৰ্তমান তেওঁ সেই দেশৰ বাসিন্দা।” সংগঠনটোৰ মুখপাত্ৰ শুবাশিস চৌধুৰীয়ে কয় যে ভাৰত বিৰোধী পোষ্টটোৰ ওপৰত প্ৰতিষ্ঠানটোৰ এগৰাকী ছাত্ৰৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ দৃষ্টিগোচৰ হয়। তেওঁলোকে কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। ছাত্ৰজনৰ সমৰ্থনৰ বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পাছতহে এন আই টিৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। ইয়াৰ পাছত ছাত্ৰজনক কৰ্তৃপক্ষই দেশলৈ উভতি যাবলৈ কয়।

ছাত্ৰীগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰ। কিন্তু বাকী পৰীক্ষাবোৰ দিবলৈ ভাৰতলৈ উভতি আহিবনে? এই বিষয়ত আৰক্ষীৰ মন্তব্য, এতিয়া একো ক’ব পৰা নাই। ছাত্ৰজন ঘূৰি আহিব নে নাই সেয়া তেওঁৰ সিদ্ধান্ত।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, সম্প্ৰতি ৭০ গৰাকী বাংলাদেশী ছাত্ৰ-ছাত্ৰীয়ে এন আই টি শিলচৰত অধ্যয়ন কৰি আছে। তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে আৰক্ষীয়ে। ভাৰতবিৰোধী যিকোনো কাৰ্যসূচীক সমৰ্থন আৰু প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।