NORTHEAST NOW (Assamese)

শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়া হ’ব; সুৰেশ ৰাইনাৰ আত্মীয়ৰ হত্যাকাণ্ড সন্দৰ্ভত পঞ্জাৱৰ মুখ্য মন্ত্ৰীৰ মন্তব্য

September 1, 2020 10:29 pm · এন ই নাও নিউজ
Updated: September 1, 2020 10:30 pm

পাঞ্জাৱৰ পাঠানকোটত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ দুগৰাকী আত্মীয়ক হত্যা কৰা ঘটনাক গৰিহনা দি পৰিয়ালৰ লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে পঞ্জাৱৰ মুখ্য মন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে।

সিঙে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ডিজিপিৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া বুলি উল্লখ কৰি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি কয়।

উল্লেখযোগ্য যে, পঞ্জাৱৰ পাঠানকোটত দুৰ্বৃত্তৰ আক্ৰমণত সুৰেশ ৰাইনাৰ খুড়া আৰু সম্পৰ্কীয় ভাতৃ এগৰাকীৰ মৃত্যু হোৱাৰ লগতে খুড়ীয়েক আৰু দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

উক্ত ঘটনাৰ পাছতে সুৰেশ ৰাইনাই ২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ নকৰাকৈ য়ু এ ইৰ পৰা ভাৰতলৈ উভতি আহিছিল।

সুৰেশ ৰাইনাই সোমবাৰে ঘটনা সম্পৰ্কত টুইট কৰি এই দুৰ্ঘটনাই তেওঁক আচম্বিত কৰি তোলা বুলি উল্লেখ কৰাৰ লগতে মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙক ন্যায় প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণৰ হকে আহ্বান জনাইছিল।

Related News