মুখ্যমন্ত্ৰীৰ সৈতে সংঘাত! পদত্যাগ পঞ্জাৱৰ ৰাজ্যপালৰ, দেখুৱালে ব্যক্তিগত কাৰণ

পঞ্জাৱৰ পদত্যাগী ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মান।

পঞ্জাৱৰ ৰাজ্যপাল বানোৱৰীলাল পুৰোহিতে পদত্যাগ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ ব্যক্তিগত কাৰণত আৰু আন কিছুমান বাধ্যতামূলক প্ৰতিশ্ৰুতি পালন কৰিবলৈ পদত্যাগ কৰিব বিচৰা বুলি উল্লেখ কৰে।

বানোৱৰীলাল পুৰোহিতে তেওঁৰ আবেদন অনুমোদন জনাবলৈ ৰাষ্ট্ৰপতিক অনুৰোধ জনায়। কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাৰ বাবেই তেওঁৰ এই সিদ্ধান্ত লোৱা বুলি ভূ ৰখা মহলে দাবী কৰিছে।

উল্লেখ্য যে বানোৱাৰীলাল পুৰোহিত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা সময়ত অসমতো ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

লগতে পঢ়কঃ ওদালগুৰিত পথ দুৰ্ঘটনাত নিহত যুৱ চিকিৎসক

তেওঁলোকৰ মাজৰ সংঘাতৰ কাৰণ কি? পঞ্জাৱ প্ৰশাসনে দাবী কৰিছে যে ৰাজ্যপালগৰাকীয়ে বিধেয়ক গৃহীত কৰাত পলম কৰে। বিষয়টো উচ্চতম ন্যায়ালয়লৈ গ’ল। পঞ্জাৱ চৰকাৰে দাখিল কৰা গোচৰৰ শুনানি বিগত নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ে কয় যে ৰাজ্যৰ মুৰব্বী হিচাপে এজন ৰাজ্যপালে বিধেয়ক গৃহীত কৰাত এনেদৰে বিলম্ব কৰিব নোৱাৰে। লগতে কোৱা হয় যে তেওঁ নিজৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি বিধেয়কখন বন্ধ কৰি ৰাখিব নোৱাৰে।

লগতে পঢ়কঃ চমন অগ্ৰাহ্যত অসন্তুষ্ট! কেজৰিৱালৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল ইডি

কিছুদিন পূৰ্বে চণ্ডীগড়ত মেয়ৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল। সেই  বিজয়ী হোৱাৰ পাছতে বানোৱাৰীলালে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁৰ পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। ইয়াকে কেন্দ্ৰ কৰি পঞ্জাৱত তীব্ৰ চৰ্চা চলিছে। ইপিনে কেজৰিৱালে ৰিগিং কৰি গেৰুৱা শিবিৰ জয়ী হোৱা বুলি দাবী কৰিছে।