প্ৰেমৰ কি যে অমিয়া টান! বেশভূষা সলাই প্ৰেয়সীৰ সলনি পৰীক্ষালৈ গ’ল প্ৰেমিক, বায়’মেট্ৰিকে পেলালে ফান্দত

Man Dressed As His Girlfriend

প্ৰেমৰ বাবে মানুহে কি কি নকৰে! এই যে সময়ৰ বিপক্ষেই অৱতীৰ্ণ হ’ব যুঁজত; প্ৰেমৰ বাবেই কৰি তুলিব অসম্ভৱক সম্ভৱ! প্ৰেমৰ এনে অফুৰন্ত জিদৰ নানা কাহিনী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে।

এনে এক কাহিনীয়েই এতিয়া সামাজিক মাধ্যমত তুলিছে খলকনি। প্ৰেমৰ বাবে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ গৈ বিপাঙত পৰিছে এজন যুৱক, পৰিছে আইনী ৰোষত।

এই কাহিনী পঞ্জাৱৰ। নিজৰ বেশভূষা সলনি কৰি, ভুৱা পৰিচয় পত্ৰ লৈ প্ৰেয়সীৰ ৰূপ পৰীক্ষা দিবলৈ গৈ ধৰা পৰিছে প্ৰেমিক। পঞ্জাৱৰ ফৰিদকোটৰ এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা ৭ জানুৱাৰীত কোটকাপুৰাৰ ডি এ ভি পাব্লিক স্কুলত বাবা ফৰিদ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ দ্বাৰা বহুমুখী স্বাস্থ্যকৰ্মী পৰীক্ষা অনুষ্ঠিত হৈছিল।

এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল পৰমজিৎ কৌৰ নামে এগৰাকী যুৱতীয়ে। পিছে পৰীক্ষাৰ বাবে হয়তো সম্পূৰ্ণ সাজু হোৱা নাছিল পৰমজিৎ কৌৰ।

সেয়ে প্ৰেমিকা পৰমজিৎ কৌৰৰ হৈ পৰীক্ষাত বহাৰ পৰিকল্পনা কৰে তেওঁৰ প্ৰেমিক অংগৰেজ সিঙে। তাৰ বাবে অংগৰেজ সিঙে সম্পূৰ্ণৰূপে সলনি কৰে নিজৰ বেশভূষা।

পৰমজিৎ কৌৰৰ দৰেই নিজকে যুৱতী সাজি ৰঙা বিন্দি, লিপষ্টিকসহ সম্পূৰ্ণ যুৱতীৰ সাজ-সজ্জাৰে অংগৰেজ সিং সাজু হয়। নিৰ্দিষ্ট পৰিকল্পনা মতেই অংগৰেজ সিং উপস্থিত হয় পৰীক্ষা কেন্দ্ৰত।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অংগৰেজ সিঙে ভুৱা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড পৰ্যন্ত প্ৰস্তুত কৰি নিজকে পৰমজিৎ কৌৰ বুলি প্ৰমাণ কৰিবলৈ নিজৰ ফালৰ পৰা সকলো প্ৰচেষ্টা চলাইছিল।

কিন্তু ভাগ্য আছিল অংগৰেজ সিঙৰ প্ৰতিকূলে। নিয়মানুসাৰে অংগৰেজ সিঙে আঙুলিৰ ছাপ বায়’মেট্ৰিক ডিভাইচত দিব লগা হয়। কিন্তু সিঙৰ আঙুলিৰ ছাপ কোনোমতেই নিমিলে কৌৰৰ সৈতে।

পৰীক্ষাকেন্দ্ৰৰ বিষয়াসকলে ক্ষণিকতে ধৰা পেলায় অংগৰেজ সিঙক আৰু লগে লগে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। সম্প্ৰতি সিঙৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে আইনী ব্যৱস্থা।