বিশ্বনাথত চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰহাৰত আহত হৈ চিকিৎসাধীন বাগিচাৰ পৰিচালক, স্বত্বাধিকাৰী

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ নিউ পুৰুপবাৰী চাহ বাগিচাত বুধবাৰে অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ পুৱাৰে পৰা চাহ শ্ৰমিকসকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে।পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে প্ৰতিবাদী শ্ৰমিকসকলৰ একাংশই বাগিচা পৰিচালকৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে বাগিচাখনৰ স্বত্বাধিকাৰী প্ৰণয় চহৰীয়া আৰু সহকাৰী পৰিচালক সন্তোষ যাদৱকো আক্ৰমণ কৰে।

উল্লেখযোগ্য যে দীৰ্ঘদিনৰে পৰা পুৰুপবাৰী চাহ বাগিচাখনৰ স্বত্বাধিকাৰী তথা মালিকপক্ষ আৰু পৰিচালকে বাগিচাখনৰ শ্ৰমিকসকলক অশ্লীল ভাষাৰে গালি-গালাজ পাৰি দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও চাহ শ্ৰমিকৰ ৰেচন হৰলুকী কৰি প্ৰাপ্যতকৈ কমকৈ প্ৰদান কৰা, বাগিচাখনত চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই বাধা প্ৰদান কৰাকে ধৰি বিভিন্ন অভিযোগ তুলি বুধবাৰে অৰ্থাৎ ১৯ ছেপ্টেম্বৰত বাগিচাখনৰ চাহ শ্ৰমিক সকলে পৰিৱেশ উত্তপ্ত কৰি তোলে।

উত্তেজিত চাহ শ্ৰমিকৰ আক্ৰমণত আঘাতপ্ৰাপ্ত স্বত্বাধিকাৰী আৰু সহকাৰী পৰিচালকক বাগিচা পৰিচালকৰ গৃহত আবদ্ধ কৰি চাহ শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে ঘটনা সন্দৰ্ভত অৱগত হৈ ঘটনাস্থলীত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ড০ ইন্দ্ৰানসী দাস, হেলেম ৰাজহ চক্ৰ বিষয়াকে ধৰি বৃহৎ সংখ্যক আৰক্ষী বাহিনীৰ লগতে অৰ্ধাসমাৰিক বাহিনীৰে এটা দল উপস্থিত হয়।

পিছত প্ৰতিবাদকাৰী শ্ৰমিক সকলৰ সৈতে মহকুমা আৰু আৰক্ষী প্ৰশাসনে প্ৰায় এঘণ্টা ধৰি আলোচনা চলোৱাৰ অন্তত শ্ৰমিকৰ আক্ৰমণত আহত দুয়ো গৰাকীকে উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত বিশ্বনাথ জিলাৰ শ্ৰম পৰিদৰ্শক ঘটনাস্থলীত উপস্থিত হয়। আৰু প্ৰতিবাদকাৰী শ্ৰমিক সকলে তেওঁলোকৰ সমস্যা সমূহ স্থায়ী সমাধানৰ লিখিত প্ৰতিশ্ৰুতি দিবলৈ দাবী জনোৱাৰ লগতে অশ্লীল ভাষাৰে গালি গালাজ পৰা কাৰ্যৰ বাবে বাগিচা পৰিচালকক ক্ষমা বিচাৰিবলৈও দাবী জনায়।