NORTHEAST NOW (Assamese)

আল্লুৰ জামিন গোচৰৰ ৰায়দানৰ দিন পিছুৱালে আদালতেঃ কি ক’লে আদালতে?

December 30, 2024 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী

অভিনেতা আল্লু অৰ্জুনৰ জামিন গোচৰৰ ৰায় স্থগিত ৰাখিলে তেলেংগানা আদালতে। পুষ্পা ২: দ্য ৰুল মুক্তিৰ আগনিশা হায়দৰাবাদৰ এখন থিয়েটাৰত পদপিষ্ট হৈ মৃত্যুৰ গোচৰত জামিনৰ বাবে আবেদন জনাইছিল আল্লুৱে। ৩ জানুৱাৰীত ঘোষণা হব পাৰে গোচৰৰ ৰায়দান। সোমবাৰে শুনানিৰ অন্তত এই মন্তব্য আদালতে।

ইয়াৰ পূৰ্বে চিক্কাদাপল্লী আৰক্ষীয়ে অভিনেতাজনৰ জামিনৰ বিৰুদ্ধে আপত্তি কৰি প্ৰতি অভিযোগ দাখিল কৰিছিল। সোমবাৰে তেলেংগানাৰ নমাপল্লী আদালতত আল্লুৰৰ আইনী দলে নিজৰ বক্তব্য প্ৰদান কৰে। প্ৰাসংগিক প্ৰমাণো দাঙি ধৰা হয়। দুয়োপক্ষৰ বক্তব্য শুনানি গ্ৰহণ কৰি আদালতে কয় যে অহা শুকুৰবাৰে এই গোচৰৰ ৰায় ঘোষণা কৰা হব। আনহাতে, অভিনেতাগৰাকীৰ জেল কাষ্টডিৰ গোচৰো ১০ জানুৱাৰীলৈ স্থগিত ৰখা হৈছে।

যোৱা শুকুৰবাৰৰ শুনানিৰ সময়ত আল্লুৱে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আদালতত হাজিৰ হৈছিল। হায়দৰাবাদ কাণ্ডত গ্ৰেপ্তাৰ হোৱাৰ পাছত এই আদালতত হাজিৰ কৰা হৈছিল অভিনেতাজনক। ন্যায়াধীশে ১৪ দিনৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। কিন্তু নিম্ন আদালতৰ নিৰ্দেশৰ ভিত্তিত আল্লুৱে এৰাতি জেলত কটাবলগীয়া হল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মুকলি কৰি দিয়াৰ পাছতো নিম্ন আদালতত এতিয়াও চলি আছে আলুৰৰ জামিন গোচৰ। শুকুৰবাৰে সেই গোচৰৰ ৰায়দান কৰিব আদালতে।

যোৱা ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত পুষ্পা ২: দ্য ৰুলৰ প্ৰিমিয়াৰত সংঘটিত হয় এই দুৰ্ঘটনা। নিশা প্ৰায় ৮ বজাত অভিনেতাগৰাকীয়ে ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত হোৱাৰ লগে লগে ভিৰ লাগে। ভিৰৰ মাজত ভৰিৰে মোহাৰি মৃত্যু হয় এগৰাকী ৩৫ বছৰীয়া মহিলাৰ। তেওঁৰ ৯ বছৰীয়া পুত্ৰও গুৰুতৰভাৱে আহত হয়। তেওঁৰ অৱস্থা এতিয়াও সংকটজনক। ঘটনাৰ পাছতে অভিনেতাজনক গ্ৰেপ্তাৰ কৰা হয়। দিনটোৰ পৰিঘটনাবোৰত অভিনেতাজনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হবলৈ ধৰিলে। বৰ্তমান জামিনত মুক্ত হলেও আল্লুৱে কেইবাবাৰো আৰক্ষীৰ জেৰাৰ সন্মুখীন হবলগীয়া হৈছে। অৱশ্যে শিশুটিৰ পিতৃয়ে জনোৱা মতে, ঘটনাৰ পিছদিনাৰে পৰা আল্লুৱে পৰিয়ালৰ কাষত থিয় দিছে। তেওঁ সেই পৰিয়ালটোক দুই কোটি টকাৰ আৰ্থিক সাহায্যৰ লগতে প্ৰতিশ্ৰুতিও দিছে।

Related News