ভাৰতত জন্মদিনৰ ছুটী কটাবলৈ অহা ৰাছিয়াৰ পুটিন বিৰোধী আইন প্ৰণেতাৰ ৰহস্যজনক মৃত্যু

উৰিষ্যাত ৰহস্যজনকভাৱে মৃত্যু ঘটিছে ৰাছিয়াৰ এগৰাকী চহকী আইন প্ৰণেতাৰ। পাভেল এণ্টভ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এজন তীব্ৰ সমালোচক। উৰিষ্যাৰ এখন হোটেলত ৰহস্যজনকভাৱে তেওঁৰ মৃত্যু হয়। প্ৰাথমিক তথ্য অনুসৰি, হোটেলৰ পৰা পৰি পাভেলৰ মৃত্যু হয়। কিন্তু তেওঁ হোটেলৰ পৰা কেনেকৈ পৰিছিল তাক লৈ বিভ্ৰান্তিৰ সৃষ্টি আছে।

জানিব পৰা মতে, পাভেল নিজৰ ৬৬ তম জন্মদিন উপলক্ষে উৰিষ্যাৰ ৰায়গড় অঞ্চলত ছুটী কটাবলৈ আহিছিল। তেওঁ তাত এখন হোটেলৰ পৰা পৰি তেওঁ কৰুণ  মৃত্যুক সাৱটিলে।

লগতে পঢ়ক: মৰাণত শিলাবৃষ্টি: নেটিজেনৰ চকুত উপভোগ্য, কৃষকৰ বিভীষিকা

স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে তেওঁ খিৰিকীৰে জঁপিয়াই ছিল। অৱশ্যে, কলকাতাত ৰাছিয়াৰ কনচুল জেনেৰেল আলেক্সি ইডামকিনে ৰাছিয়াৰ সংবাদ সংস্থা টাছক কৈছে যে তেওঁ পাভেলৰ খিৰিকীৰ পৰা “পৰি গৈছিল’’। তেওঁ এইটোও দাবী কৰিছে যে আৰক্ষীয়ে মৃত্যুৰ আঁৰত একো অস্বাভাৱিক বিচাৰি পোৱা নাই। তেওঁ কয়,”আমি তদন্তৰ গতিবিধি ওচৰৰ পৰা অনুসৰণ কৰি আছো আৰু উৰিষ্যা আৰক্ষীৰ পৰা সকলো তথ্য লাভ কৰি আছো।‘’

পেভেলৰ মৃত্যুত শোক প্ৰকাশ কৰি আঞ্চলিক সংসদৰ উপাধ্যক্ষ বাচেস্লাভ কাৰ্তুখিনে তেওঁৰ টেলিগ্ৰাম চেনেলত কয়, “আমাৰ সহকৰ্মী, এজন সফল উদ্যোগী, সমাজসেৱক পাভেল এণ্টভৰ মৃত্যু হৈছে। ইউনাইটেড ৰাছিয়া ফেকশ্যনৰ ডেপুটিসকলৰ হৈ মই তেওঁৰ আত্মীয় আৰু বন্ধুবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।”

পাভেলৰ মৃত্যুৰ দুদিন পূৰ্বে তেওঁৰ দলৰ আন এজন সদস্যৰো ৰহস্যজনকভাৱে মৃত্যু হয়। ৬১ বছৰীয়া ভ্লাদিমিৰ বুদানোভৰ বৃহস্পতিবাৰে মৃত্যু হয়। এইটো দাবী কৰা হৈছে যে বুডনভৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। পাভেল আৰু তেওঁৰ দল পুটিন বিৰোধী বুলি জনা যায়। পাভেলে আনকি ইউক্ৰেইনৰ যুদ্ধৰ বিৰোধিতা কৰি এটা ব্লগ লিখিছিল। অৱশ্যে, চাপত পৰি তেওঁ তেওঁৰ ব্লগটো আঁতৰাই দিয়ে আৰু স্থিতি সলনি কৰাৰ কথা ঘোষণা কৰে। তেওঁ এই প’ষ্টটোৰ বাবে ক্ষমাও বিচাৰিছিল।

লগতে পঢ়ক: অব্যাহত ৰুছ-ইউক্ৰেইন যুদ্ধ: ৰাছিয়ান সামৰিক ঘাটিত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ

পাভেলে তেওঁৰ ব্লগত ইউক্ৰেইনৰ যুদ্ধক ৰাছিয়াৰ “সন্ত্ৰাস” বুলি অভিহিত কৰিছিল। অৱশ্যে, পিছত তেওঁ নিজকে “পুটিনৰ সমৰ্থক” বুলি দাবী কৰে। কিন্তু ৰাছিয়াৰ সংবাদ মাধ্যমৰ একাংশই দাবী কৰে যে পাভেল সদায় পুটিন বিৰোধী আছিল।