আজি ৭০ বছৰত ভৰি দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

এক দুৰন্ত যুৱক। ৭০ বছৰ বয়সতো তজবজীয়া যুৱকৰ দৰেই হৈ আছে তেওঁ। তেওঁ আন কোনো নহয়, তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। আজি ৬৯ টা বছৰ গৰকি ৭০ বছৰত ভৰি দিলে পুটিনে। পুটিনৰ জন্মদিন উপলক্ষে ৰাছিয়াৰ বহু চহৰত আজি আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী। সংগ্ৰামৰ মাজৰে আহি আহি পুটিনে আজিৰ অৱস্থাত উপনীত হৈছে। এটা সময়ত ধন আৰ্জিবলৈ পুটিনে গাড়ী চলাইছিল। তাৰ পিছতে কেজিবি এজেণ্ট হিচাবে তেওঁ ৰাজনৈতিক ক্ষেত্ৰৰ বহুলোকক লগ পাইছিল।

পুটিনে জাৰ্মানীত ৰাছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবিৰ হৈ গুপ্তচৰ হিচাপেও কাম কৰিছিল। ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ ফলত ৰাছিয়াৰ জাতীয়তাবাদীসকলৰ মাজত পুটিনৰ ভাবমূৰ্তিও যথেষ্ট শক্তিশালী হৈ পৰিছে।

পুটিনৰ সম্পূৰ্ণ নাম ভ্লাদিমিৰ ভ্লাদিমিৰোভিচ পুটিন। পুটিনৰ জন্ম ১৯৫২ চনৰ ৭ অক্টোবৰত হৈছিল। তেওঁক ৰাছিয়াৰ আটাইতকৈ জনপ্ৰিয় আৰু সফল ৰাজনীতিকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ২০১২ চনৰ ৭ মে’ৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থকা পুটিনক ২০১৮ চনৰ নিৰ্বাচনত ৭৫ শতাংশতকৈও অধিক লোকে পছন্দ কৰিছিল। অৱশ্যে, পশ্চিমীয়া দেশবোৰে অভিযোগ কৰে যে ৰাছিয়াৰ নিৰ্বাচনত কোনো স্বচ্ছতা নাছিল আৰু পুটিনৰ সপক্ষে একপক্ষীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল।

পুটিন ২০০৮ চনৰ পৰা ২০১২ চনলৈ ৰাছিয়াৰ প্ৰধানমন্ত্ৰীও আছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত পুটিনে ক্ষমতাসীন ইউনাইটেড ৰাছিয়া পাৰ্টিৰ সভাপতি হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল। পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত, পুটিনে দলটোৰ নেতৃত্ব ত্যাগ কৰে আৰু বৰ্তমান ৰাছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ৰাছিয়ান ফেডাৰেচনৰ নিৰাপত্তা পৰিষদৰ উপ-সভাপতি দিমিত্রি মেদভেদেভক সেই পদ দিয়ে।

মাত্ৰ ২৩ বছৰ বয়সত তেওঁ কেজিবিৰ বাবে কাম কৰা আৰম্ভ কৰে। কেজিবিয়ে তেওঁক জাৰ্মান চহৰ ড্ৰেছডেনত নিযুক্ত কৰিছিল। অৱশ্যে কেজিবিত তেওঁৰ কামৰ বিষয়ে প্ৰায়ে প্ৰশ্ন উত্থাপিত হৈছে। ভ্লাদিমিৰ পুটিনে কেজিবিত লেফটেনেণ্ট কৰ্ণেলৰ পদত উপনীত হৈছিল। জাৰ্মানীৰ বাৰ্লিন দেৱালৰ পতনৰ পিছত পুটিন ৰাছিয়ালৈ উভতি আহে আৰু ৰাজনীতিৰ সৈতে জৰিত হৈ পৰে।