আমেৰিকান সংবাদ মাধ্যমৰ চাঞ্চল্যকৰ দাবী: কেঞ্চাৰৰ বাবে চিকিৎসাধীন পুটিনে কৰিছে ক্ষমতাৰ হস্তান্তৰ

Putin

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেশৰ নিৰাপত্তা পৰিষদৰ সচিব নিকোলাই পাত্ৰুছেভক অস্থায়ীভাৱে ক্ষমতা হস্তান্তৰ কৰিছে। কৰ্কট ৰোগৰ বাবে চিকিৎসাধীন হৈ থকা পুটিনে এই সময়ছোৱাতে অস্ত্ৰোপচাৰ কৰাব পাৰে।

আমেৰিকান সংবাদ মাধ্যম নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত এই দাবী কৰা হৈছে।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি পুটিনক চিকিৎসকে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে। নিউয়ৰ্ক পোষ্টে ৰাছিয়াৰ বৈদেশিক চোৰাংচোৱা সেৱাৰ এজন প্ৰাক্তন লেফটেনেণ্ট জেনেৰেলৰ দ্বাৰা পৰিচালিত এটা টেলিগ্ৰাম চেনেলৰ উদ্ধৃতি দি এই প্ৰতিবেদন দিছে।

হ’বলগীয়া অস্ত্ৰোপচাৰ আৰু সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱা পৰ্যন্ত পুটিন ক্ষমতাৰ পৰা আঁতৰি থাকিব বুলি প্ৰতিবেদনত কোৱা হৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী কৰ্কট ৰোগ, পাৰ্কিনছন ৰোগকে ধৰি আন বহুতো গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে বুলি ইতিপূৰ্বে বাতৰি প্ৰকাশ পাইছিল।

শেহতীয়া কিছুদিন ধৰি পুটিনৰ স্বাস্থ্য সম্পৰ্কে ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপিত হৈছে। সম্প্ৰতি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো কেইবাদিন ধৰি আত্মপ্ৰকাশৰ পৰা বিৰত আছে পুটিন।