গোৱালপাৰাৰ গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ কমেও ছয় গৰাকী ঠিকাদাৰে চহৰখনৰ সোঁমাজত থকা এটা ব্যস্ততাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰি দিছে।
জিলা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগৰ অনুৰোধ মৰ্মে ঠিকাদাৰসকলে পথটো নিৰ্মাণ কৰি দিয়ে।
পথটোৰ প্ৰায় ৫০ মিটাৰ অংশ জৰাজীৰ্ণ হৈ পৰিছিল আৰু গাঁতৰ সৃষ্টি হৈছিল যাৰ বাবে ৰাইজৰ যাতায়ত দুৰ্বিসহ হৈ পৰিছিল।
‘’আমি উপায়ুক্ত বৰ্ণালী ডেকাৰ পৰা পথটো মেৰামতি কৰি দিয়াৰ বাবে এক অনুৰোধ লাভ কৰো কিয়নো অঞ্চলটোত বজাৰ, বাছ আস্থান আৰু এটা ট্ৰেফিক পইন্ট আছে যদিও বহুদিন ধৰি পথটো ভাঙি যোৱা অৱস্থাতে পৰি আছিল,’’-কাৰ্যবাহী অভিযন্তা পদ্মানন্দ চৌধুৰীয়ে নৰ্থইষ্ট নাওক কয়।
‘’কিন্তু পথটো মেৰামতি কৰি দিব পৰাকৈ কোনো আচঁনি মজুত নাছিল,’’-তেওঁ লগতে কয়।
তেওঁ জানিবলৈ দিয়ে যে পথছোৱা ৰাজ্যিক ঘাইপথ -১২এ নাইবা ৪৬’ কোনোটোৰে আওতাতে নপৰাৰ বাবে এলাগী হৈ আছিল।
‘’সেয়ে মেৰামতি নোহোৱাকৈ পথটো দীৰ্ঘদিন পৰি আছিল,’’- গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ নডেল বিষয়া বনজিৎ অধিকাৰীয়ে কয়।
ইয়াৰ মাজতে গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ ঠিকাদাৰসকলক এই মহান কামটোৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিবলৈ কাৰ্যালয়ৰ পৰা অনুৰোধ জনোৱা হয়।
অনুৰোধৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ ঠিকাদাৰ এম পি আগৰৱালা, পাঠশালাৰ অনুপম শৰ্মা, গোৱালপাৰাৰ জয়ন্ত মেধি, হেকেৰাৰ উৎপল মেধি, দৰংগিৰিৰ ধৰ্মেশ্বৰ কছাৰী আৰু আগিয়াৰ এছ এন সিঙে পথটো নিৰ্মাণ কৰি দিয়ে।
পথটো তেওঁলোকে ১২ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰি দিয়ে।
‘’এয়া আমাৰ ঠিকাদাৰ গোষ্ঠীৰ এটা টীম ৱৰ্ক আৰু গোৱালপাৰাৰ ৰাইজৰ বাবে স্বাধীনতা দিৱসৰ এটা উপহাৰ,’’- ঠিকাদাৰসকলৰ হৈ জয়ন্ত মেধিয়ে এইদৰে মন্তব্য কৰে।