NORTHEAST NOW (Assamese)

চৰকাৰী কাম-কাজৰ বিপৰীতে মদ, জুৱাৰ আড্ডাত পৰিণত হৈছে গড়কাপ্তানী বিভাগৰ আৱাস গৃহ

October 11, 2018 9:52 am · নীলমণি শৰ্মা
Updated: October 11, 2018 2:23 pm
ফটো নর্থ-ইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাইত এতিয়া চৰকাৰী ভূমি তথা বিভাগৰ আৱাস গৃহত চলিছে অবৈধ কাৰ্যকলাপ সংঘটিত কৰা লোকৰ দপদপনি। জিলাখনৰ জ্যোতি নগৰত থকা গড়কাপ্তানী বিভাগৰ কাৰ্যালয় আৰু আৱাস গৃহ সমূহ বতৰ্মান পৰিণত হৈছে ভুত বাংলালৈ।

চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ চৰম অমনোযোগিতাৰ আৰু অদূৰদৰ্শিতাৰ বাবে জহি খহি গৈছে বিভাগটোৰ বহু মূল্যবান সা-সম্পত্তি। আনকি বিভাগটোৰ এক বৃহৎ পৰিমানৰ ভূমি এতিয়া বেদখলকাৰীৰ দখলত। কাৰ্যালয় তথা আৱাস গৃহত কোনো বিষয়া কৰ্মচাৰী নথকাৰ সুযোগত চোৰে আৱাস গৃহৰ দুৱাৰ, খিৰিকীৰ লগতে বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায়।

উল্লেখযোগ্য যে এই স্থানতে কিছু বছৰ পূৰ্বে গড়কাপ্তানী (পথ) আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ কাৰ্যালৰ লগতে কেইবাটাও অন্যান্য আৱাস গৃহ আছিল। এতিয়া কাৰ্যালয় আৰু আৱাস গৃহ কেইটা বন জংঘলে আৱৰি ধৰিছে।

ফটো : নৰ্থ-ইষ্ট নাও

স্থানীয় লোকে এই কাৰ্যালয়টো নতুন কৈ খোলাৰ লগতে আাৱাস গৃহ কেইটা সংৰক্ষণ কৰাৰ বাবে প্ৰশাসনক দাবী জনাই আহিছে যদিও আজিলৈ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত নল’লে।

প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈয়ে এতিয়া অঞ্চলটোৰ একাংশ লোকে কাৰ্যালয়টোৰ চৌহদ তথা আৱাস গৃহ সমূহ অসামাজিক কাম-কাজত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।

Related News