NORTHEAST NOW (Assamese)

গড়কাপ্তানি বিভাগক (PWD) এতিয়াৰে পৰা অসমীয়াত কোৱা হ’ব লোক নিৰ্মাণ বিভাগ

September 24, 2020 7:42 am · এন ই নাও নিউজ

অসমৰ গড়কাপ্তানি বিভাগে(PWD) বুধবাৰে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে বিভাগটোক এতিয়াৰে পৰা অসমীয়াত ‘গড়কাপ্তানি বিভাগ’ৰ পৰিৱৰ্তে ‘লোক নিৰ্মাণ বিভাগ’ হিচাপে জনা যাব।

‘’ৰাজহুৱা সেৱাৰ স্বাৰ্থত তথা প্ৰশাসনীয় সুবিধাৰ বাবে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেন্টক অসমীয়াত গড়কাপ্তানি বিভাগৰ ঠাইত লোক নিৰ্মাণ বিভাগ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,’’-নিৰ্দেশটোত কোৱা হয়।

‘’সেয়েহে, এই জাননী কৰা তাৰিখৰ পৰাই পাব্লিক ৱৰ্কছ ডিপাৰ্টমেন্টক অসমীয়াত গড়কাপ্তানি বিভাগৰ ঠাইত লোক নিৰ্মাণ বিভাগ হিচাপে জনা যাব,’’-নিৰ্দেশটোত লগতে কোৱা হৈছে।

‘’অসমৰ মাননীয় মুখ্য মন্ত্ৰী আৰু গড়কাপ্তানি মন্ত্ৰীৰ অনুমোদনক্ৰমে এই নিৰ্দেশনা জাৰি কৰা হৈছে,’’-নিৰ্দেশনাটোত লগতে কোৱা হয়।

 

Related News