NORTHEAST NOW (Assamese)

ছাফাইকৰ্মীৰ চাকৰিৰ বাবে আগবঢ়োৱা হৈছে মাহিলী ১৭.৫ লাখ টকা দৰমহা! ক’ত চাওক সৱিশেষ

October 23, 2020 6:47 am · এন ই নাও নিউজ
Updated: October 23, 2020 6:49 am
প্ৰতিনিধিত্বমূলক ফটো।

আচৰিত নহ’ব। শুনি বিশ্বাস নহ’ব পাৰে, কিন্তু ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথে বাকিংহম পেলেচ আৰু উইণ্ডছৰ কে’ছলত এগৰাকী মহিলা ছাফাইকৰ্মী নিয়োগৰ বাবে বিজ্ঞাপন দিছে।

আবেদনকাৰীক নিযুক্তি দিয়া হ’লে ২৫ হাজাৰ ডলাৰ (প্ৰায় ১৭.৫লাখ টকা) মাহিলী দৰমহা দিয়াৰ কথা উল্লেখ কৰা হৈছে।

বিজ্ঞাপন অনুসৰি, ছাফাইকৰ্মীগৰাকীয়ে সেই ৰাজকীয় অট্টালিকাত থাকিয়েই কাম কৰিব পাৰে, অথবা প্ৰতিদিনে ঘৰলৈ অহাযোৱা কৰাৰ সুবিধাও ল’ব পাৰিব।

তেওঁৰ অহাযোৱাৰ পৰা আৰম্ভ কৰি খোৱা-বোৱালৈকে সকলো খৰচ ৰয়েল পেলেচে বহন কৰিব।

খ্ৰীষ্টমাচৰ সময়ত মহিলা ছাফাইকৰ্মীক ছেণ্ড্ৰিংহম পেলেচত সেৱা আগবঢ়োৱাৰ লগতে গ্ৰীষ্মত বালমেৰ’ল কেছ’লত সেৱা আগবঢ়াবলগীয়া হ’ব পাৰে।

বিজ্ঞাপনত স্পষ্ট কৰি কোৱা হৈছে যে ৰয়েল পেলেচৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ইয়াক চকমকীয়া কৰি ৰখাৰ দায়িত্ব মহিলা ছাফাইকৰ্মীগৰাকীৰ ওপৰত ন্যস্ত থাকিব।

ইচ্ছুক আবেদনকাৰীৰ ইংৰাজী আৰু গণিতৰ সম্যক জ্ঞান থকাটো জৰুৰী হ’ব। হোটেল-ৰিজ’ৰ্টত কাম কৰি অহা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

মহিলা ছাফাইকৰ্মী এই আকৰ্ষণীয় পদৰ বাবে যোগ্য প্ৰাৰ্থীয়ে ২৪অক্টোবৰ, ২০২০’পৰ্যন্ত ইয়াৰ আনুষ্ঠানিক ৱেবছাইটত আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব।

Related News