কুইন ওজাৰ শিক্ষাগত অৰ্হতা : নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ অভিযোগ দাখিল

Upamanyu-Hazarika-750x375

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা। ফাইল ফটো : নৰ্থইষ্ট নাও

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই বিজেপি প্ৰাৰ্থী কুইন ওজাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

জানিব পৰা মতে, হাজৰিকাই ৰিটাৰ্ণিং বিষয়াগৰাকীৰ আগত অভিযোগ দাখিল কৰিছে যে গুৱাহাটী লোকসভা সমষ্টিৰ গেৰুৱা দলটোৰ প্ৰাৰ্থী কুইন ওজাই তেওঁৰ শিক্ষাগত অৰ্হতাৰ ‘’ভুৱা নথি’’ দাখিল কৰিছে।

‘’তেওঁ একেদিনাখনে ন’টাৰী কৰা দুখন শপতনামা দাখিল কৰিছে। এখনত তেওঁ প্ৰকাশ কৰিছে যে ২০১১ চনত তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছে আৰু আনখনত সেই একেখন বিশ্ববিদ্যালয়ৰ পৰা ২০১২ চনত বিপিপি ডিগ্ৰী উত্তীৰ্ণ হোৱা বুলি উল্লেখ কৰিছে। একেদিনাই একেটা বিষয়ত দুখন শপতনামা, শিক্ষাগত অৰ্হতাকলৈ দুটা ভিন্ন ভাষ্য কেনেকৈ হ’ব পাৰে। হয়তো দুটাৰ কোনোবা এটা শুদ্ধ হ’ব পাৰে কিন্তু দুয়োটা নহয়,’’-হাজৰিকাই প্ৰশ্ন তোলে।

তেওঁ লগতে কৈছে, ‘’এইটো ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ অধীনত এটা ভুৱা ভাষ্য। এইটো এটা নিৰ্বাচনী অপৰাধ যাৰ বাবে ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে তেওঁ মনোনয়ন বাতিল কৰিবি লাগিব আৰু এইটো দাবীয়ে মই উত্থাপন কৰিছো।‘’

তেওঁ লগতে কয় যে উপৰোক্ত বিষয়টো সন্দৰ্ভত তেওঁ ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কুইন ওজাৰ প্ৰাৰ্থিত্বত আপত্তি জনাই এখন ন’টাৰী কৰা শপতনামা দাখিল কৰিছো।

উল্লেখযোগ্য যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে অলপতে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ প্ৰতিষ্ঠানত উচ্চতৰ মাধ্যমিক বা সমপৰ্যায়ৰ তেনে কোনো পাঠ্যক্ৰম নাই।