লজ্জাজনক ঘটনা : গুণোৎসৱৰো প্ৰশ্নকাকত ফাদিল হয় এইখন অসমত

Gunotsav-Assam-Result

চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান উন্নত কৰাক উদ্দেশ্য হিচাপে লৈ যোৱা বছৰ আৰম্ভ কৰা গুণোৎসৱৰ দ্বিতীয় সংস্কৰণ এইবাৰ ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত আৰম্ভ হৈছে।

কিন্তু তাৰ মাজতে গুণোৎসৱক কেন্দ্ৰ কৰি বাইহাটা চাৰি আলিত ঘটিছে এটা অতি লজ্জাজনক ঘটনা। কৰৰা শিক্ষাখণ্ডৰ অধীনৰ বাইহাটাৰ ৯৬১নং খেহেনীপাৰা প্ৰাথমিক বিদ্যালয়ত ফাদিল হৈছে গুণোৎসৱৰ প্ৰশ্নকাকত।

জানিব পৰামতে পৰহিলৈ অনুষ্ঠিত হ’ব লগীয়া গুণোৎসৱৰ পৰীক্ষাৰ প্ৰশ্নকাকত টেট শিক্ষকৰ গ্ৰুপ আৰু ছ’চিয়েল মিডিয়াত আগতীয়াকৈ উপলব্ধ হৈছে। ঘটনাটোৱে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাই নহয়, আমোদৰ খোৰাকো যোগাইছে। এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ টিপ্পনী : এই ঘটনাই এ পি এছ চিৰ কেলেংকাৰিকো চেৰাই গ’ল।

ইফালে বাইহাটা চাৰি আলিৰ আৰক্ষীৰ সূত্ৰই জনোৱামতে, ঘটনাটোত জড়িত থকাৰ সন্দেহত এগৰাকী শিক্ষকক আটক কৰিছে আৰক্ষীয়ে। অভিযুক্ত শিক্ষকগৰাকী হ’ল কৰৰা শিক্ষাখণ্ডৰ চি আৰ চি তথা শিক্ষক চাহেনছাহ চুলতান। চুলতানৰ ম’বাইলৰ পৰা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।